২০২৫ ৰ প্ৰথম দিনটোতেই এক ভয়াৱহ ঘটনা সংঘটিত হৈছে আমেৰিকাত।আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ অৰলিন্সত এই শোকাৱহ ঘটনা সংঘটিত হৈছে। ইয়াত এখন ট্ৰাকে তীব্ৰ গতিত আহি মহতিয়াই নিয়ে কেইবাজনো লোকক।
জানিব পৰা মতে নতুন বছৰটো উদযাপন কৰিবলৈ বৰ্বন ষ্ট্ৰীটত হাজাৰ হাজাৰ লোক সমবেত হৈছিল।সেই সময়তে ট্ৰাকখনে লোক সকলক মহতিয়াই নিয়ে।
ইয়াৰ পিছত বাহনখনৰ পৰা চালকজন নামি লোকসকললৈ গুলীবৰ্ষণ কৰে। য়াৰ ফলত ১০ জনকৈ লোক নিহত হোৱাৰ লগতে ৩০জন লোক গুৰুত্বৰ ভাৱে আহত হৈছে। ঘটনাটো পুৱা প্ৰায় ৩.১৫ বজাত সংঘটিত হৈছিল।
সমগ্ৰ ঘটনাৰ অন্তৰালত বিদেশী শক্তি জড়িত হৈ থকাৰ সন্দেহ কৰা হৈছে। আৰক্ষীৰ লোক সকলে ততাতৈয়াকৈ আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰাই। ঘটনাক লৈ সমগ্ৰ নিউ অৰলিন্সত জাৰি কৰা হৈছে হাই এলাৰ্ট ।