আই পি এল ২০২৫ৰ ২৩ সংখ্যক মেচত আজি মুখামুখি হ’ব গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছ । নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত আজি অনুষ্ঠিত হ’ব এই খেলখন । ইতিমধ্যে পইণ্ট তালিকাত দ্বিতীয় স্থানত আছে শুভমন গীল নেতৃত্বাধীন গুজৰাট আৰু সপ্তম স্থানত আছে সঞ্জু ছেমচন নেতৃত্বাধীন ৰাজস্থান ৰয়েলছ ।
শুভমন গীলৰ অধিনায়কত্বত থকা গুজৰাট টাইটানছ ৪খন মেচৰ ভিতৰত ৩খনত জয়লাভ কৰাৰ বিপৰীতে মাত্ৰ ১খন মেচত পৰাস্ত হৈছে । ৰাজস্থান ৰয়েলছ ৪ খন মেচৰ ভিতৰত ২ খনত জয় আৰু ২ খনত পৰাস্ত হৈছে । গীলৰ অধিনায়কত্বত থকা গুজৰাটৰ ঘৰুৱা খেলপথাৰত শক্তিশালী দেখা গৈছে । এই খেলপথাৰত এতিয়ালৈকে আই পি এল ২০২৫ত ২ খন মেচ খেলা হৈছে, তাৰ ভিতৰত গুজৰাটে এখন মেচত জয়ী আৰু এখনত পৰাস্ত হৈছে ।
আহমেদাবাদত আই পি এল ৰেকৰ্ড-
এই পৰ্যন্ত নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত মুঠ ৩৭ খন আই পি এল মেচ অনুষ্ঠিত হৈছে । প্ৰথম বেটিং কৰা দলটোৱে ১৭ বাৰ আৰু প্ৰথমে বলিং কৰা দলটোৱে ২০ বাৰ জয় লাভ কৰিছে । টছত জয়ী হোৱা দলটোৱে ১৭ বাৰ আৰু পৰাজিত দলটোৱে ২০ বাৰ জয়লাভ কৰিছে । ইয়াত সৰ্বাধিক স্কৰ মুঠ ২৪৩, যিটো গুজৰাটৰ বিৰুদ্ধে পঞ্জাব কিংছে কৰিছিল । ইয়াত সৰ্বাধিক ব্যক্তিগত স্ক’ৰ হৈছে শুভমন গীলৰ, যি ২০১৩ চনত মুম্বাইৰ বিৰুদ্ধে ১২৯ ৰান সংগ্ৰহ কৰিছিল ।
২০২৫ চনৰ আই পি এলত নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত ২ খন খেল অনুষ্ঠিত হৈছে । প্ৰথম বেটিং কৰা দলটোৱে দুয়োবাৰেই জয়লাভ কৰিছে । প্ৰথমখন খেলত পঞ্জাব কিংছে ১১ ৰাণত জয়লাভ কৰে আৰু দ্বিতীয়খন মেচত গুজৰাট টাইটানছৰ ৩৬ ৰানত জয়লাভ কৰে ।
নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত বাউন্স হোৱা দেখা যাব, ই হ’ব বেটিং পিটচ য’ত ২০০ ৰান সংগ্ৰহ কৰাটো ডাঙৰ কথা নহ’ব । আজিৰ খেলখনত টছত জয়ী হোৱা অধিনায়কে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱা উচিত, ইয়াত টাৰ্গেট অনুসৰণ কৰি জয়ী হোৱাটো অতি কঠিন । প্ৰথমে বেটিং কৰা দলটোৱে প্ৰায় ২১০ ৰান সংগ্ৰহ কৰা আৱশ্যক ।