উত্তৰ প্ৰদেশৰ কানপুৰত এগৰাকী মহিলাৰ লগত নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। এগৰাকী জিম প্ৰশিক্ষকে মহিলাগৰাকীক হত্যা কৰি মৃতদেহ পুটি থলে কানপুৰৰ জিলা দণ্ডাধীশৰ চৌহদত। জানিব পৰা মতে কানপুৰৰ ৩২ বছৰীয়া একতা গুপ্তা নামৰ মহিলাগৰাকী জুন মাহত গ্ৰীণ পাৰ্ক ষ্টেডিয়ামৰ জিমলৈ গৈছিল। তেতিয়াৰে পৰাই সন্ধানহীন হৈ আছিল মহিলাগৰাকী। মহিলাগৰাকীৰ স্বামী ৰাহুল গুপ্তাই আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল যে বিমল চোনি নামৰ জিম প্ৰশিক্ষকগৰাকীয়ে তেওঁৰ পত্নীক অপহৰণ কৰিছে।মহিলাগৰাকী নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা, জিম প্ৰশিক্ষক গৰাকীও সন্ধানহীন হৈ আছিল।অৱশ্যে আৰক্ষীয়ে তদন্ত চলাই গ্ৰেপ্তাৰ কৰিছিল জিম প্ৰশিক্ষক বিমল চোনিক। আৰক্ষীয়ে চলোৱা তদন্তৰ অন্তত পোহৰলৈ আহে হত্যাকাণ্ডৰ কথা। আৰক্ষীয়ে দিয়া তথ্য অনুসৰি জিম প্ৰশিক্ষক আৰু মহিলাগৰাকীৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল আৰু যেতিয়া যুৱকগৰাকীৰ বিবাহ ঠিক কৰা হৈছিল, মহিলাগৰাকীয়ে তেওঁৰ সৈতে কাজিয়া কৰিছিল।তাৰ পিছতেই বিমল চোনীয়ে মহিলা গৰাকীক ডিঙি চেপি হত্যা কৰে আৰু এখন গাড়ীৰে মৃতদেহটো জিলা দণ্ডাধীশৰ চৌহদত পুটি থয়। অৱশেষত চাৰি মাহত অন্তত খান্দি উলিওৱা হয় মহিলা গৰাকীৰ মৃতদেহটো। মহিলাগৰাকীৰ স্বামীয়ে হত্যাকাৰী বিমল চোনীৰ উচিত তদন্ত বিচাৰিছে।