এগৰাকী মাতৃৰ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। এগৰাকী মাতৃয়ে তেওঁৰ চাৰি মাহীয়া যমজ সন্তানক এটা পানীৰ টেংকত ডুবাই হত্যা কৰিছে। ঘটনাটো মহাৰাষ্ট্ৰৰ ৰটলাম জিলাৰ।
জানিব পৰা মতে ৰতলাম চহৰৰ বেদ ব্যাস কলনিৰ বাসিন্দা ইৰশাদ কুৰেছিয়ে ২০ নৱেম্বৰত আৰক্ষীক জনাইছিল যে তেওঁৰ ঘৰৰ ওপৰৰ মহলাত ভাড়াত থকা আমিৰ কুৰেছি আৰু তেওঁৰ পত্নী পাম্মী ওৰফে মুস্কানে তেওঁলোকৰ ৪ মাহীয়া যমজ সন্তান হাছান আৰু ফাতিমাক পানীৰ টেংকত ডুবাই হত্যা কৰিছে।
শিশু দুটিৰ মৃত্যুৰ পিছত পিতৃয়ে পানীৰ টেংকীৰ পৰা মৃতদেহ দুটা উঠাই নি এখন কবৰস্থানত সমাধিস্থ কৰিছে।তাৰ পাছতেই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পিতৃ-মাতৃ দুয়োকে কৰায়ত্ত কৰি থানালৈ লৈ যায়।
আৰক্ষীৰ জেৰাৰ সময়ত, তেওঁলোকে কৈছে যে, মাতৃ মুস্কানে তেওঁৰ শাহু আৰু স্বামীৰ ওপৰত খং কৰিছিল কিয়নো তেওঁলোকে শিশুদুটিক চম্ভালিবলৈ সহযোগীতা কৰা নাছিল।
সেইকাৰণে মুস্কানে শিশুদুটিক হত্যা কৰিলে। ইয়াৰ পিছত, আৰক্ষীয়ে মৃত শিশুদুটিৰ অভিভাৱকসকলক গ্ৰেপ্তাৰ কৰে।