ডিব্ৰুগড়ৰ বানীপুৰত সংঘটিত হৈছে এক হত্যাকাণ্ড। ঘৰৰ ভিতৰতেই নিজ মাতৃক হত্যা কৰিলে পুত্ৰই ।পুত্ৰই মাতৃক ডিঙি চেপি হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। মৃত মহিলা গৰাকীৰ নাম পূণিমা গগৈ। কি কাৰণত পুত্ৰই মাতৃক হত্যা কৰিলে সেই কথা বৰ্তমানেও পোহৰলৈ অহা নাই । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হত্যাকাৰী পুত্ৰক আটক কৰি সোধা-পোছা আৰম্ভ কৰিছে।
