বিলাসীপাৰাৰ টোকৰাবান্ধাত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে।এমাহ পূৰ্বে অতি নৃশংস ভাৱে হত্যা কৰি গাঁতত পুতি থোৱা বোৱাৰীৰ অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ।
জানিব পৰা মতে চাৰি বছৰ পূৰ্বে টোকৰাবান্ধা গাঁৱৰ ৰফিকুল ইছলাম নামৰ যুৱকৰ লগত বিবাহ হৈছিল ৰমেনা খাতুনৰ। বিবাহৰ পিছৰ পৰাই গুৱাহাটীত অটো চলাইছিল ৰফিকুলে। তাৰ পিছত লটাৰী খেলৰ লগতো জড়িত হৈ পৰিছিল ৰফিকুল।
কিন্তু বিগত এমাহৰ পৰা সন্ধানহীন হৈ আছিল ৰফিকুলৰ পত্নী ৰমেনা। অৱশেষ গুৱাহাটী, বিলাসীপাৰা আৰু চাপৰ আৰক্ষীয়ে তীব্ৰ অভিযান চলাই টোকৰাবান্ধা পাহাৰৰ পৰা ৰমেনা খাতুনৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰে।
বৰ্তমান লৈ পলাতক অৱস্থাত আছে অভিযুক্ত ৰফিকুল ইছলাম।কিন্তু কি কাৰণত এই নৃশংস হত্যাকাণ্ডটো সংঘটিত কৰিলে সেয়া বৰ্তমানলৈ কোনো তথ্য লাভ কৰা নাই ।