মিউজিক ফেষ্টিভেলত অপ্ৰীতিকৰ পৰিস্থিতি ; দৰ্শকে ভাঙি চূৰমাৰ কৰিলে হাজাৰ হাজাৰ চকী

বিলাসীপাৰা মিউজিক ফেষ্টিভেল ২০২৫ ত নিশা এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হয় |উত্তেজিত ৰাইজে ভাঙি চূৰমাৰ কৰিলে হাজাৰ হাজাৰ চকী |লণ্ডভণ্ড কৰিলে মঞ্চ , বিভিন্ন আচবাব |

জানিব পৰা মতে শনিবাৰে নিশা বিলাসীপাৰাৰ আই এন এ খেল পথাৰত আয়োজন কৰিছিল মিউজিক ফেষ্টিভেল |সংগীতানুষ্ঠানটোৰ প্ৰৱেশ মূল্য আছিল ৫০০ টকাৰ পৰা ২০০০ টকা পৰ্যন্ত|

ফেষ্টিভেলৰ মুখ্য অতিথি আছিল মুম্বাই চিনেমা জগতৰ মহম্মদ ফায়েজ আৰু ৰিতু পাঠক |তাৰকা শিল্পী দুগৰাকীৰ গীত শুনিবলৈ উপস্থিত হৈছিল হাজাৰ হাজাৰ শ্ৰোতা |

কিন্তু চুক্তি কৰা মতে শিল্পী দুগৰাকীক ধন আদায় নকৰাৰ অভিযোগ আয়োজক সমিতিৰ বিৰুদ্ধে | ইয়াৰ বাবে নিশা এটা বজালৈকে আমন্ত্ৰিত শিল্পী দুগৰাকীয়ে গীত পৰিৱেশন কৰা নাছিল।

আয়োজক সমিতিৰ এনে কৰ্ম কাণ্ডত উত্তেজিত হৈ ৰাইজে হাজাৰ হাজাৰ চকী ভাঙি চূৰমাৰ কৰে।কেৱল এয়াই নহয় একাংশ উত্তেজিত ৰাইজে মঞ্চৰ পৰা চকী ঘৰলৈ লৈ যায় |

বিলাসীপাৰা আৰু ধুবুৰীৰ এফ এইচ প্ৰডাকচন , আৰু হাঙ্গৰী লেণ্ডে আয়োজন কৰিছিল বিলাসীপাৰা মিউজিক ফেষ্টিভেল নাইটৰ |

আয়োজক সমিতিৰ চৰম গাফিলতিৰ বাবেই এনে কৰ্মকাণ্ড সংঘটিত হ’বলৈ পালে বুলি অভিযোগ উঠিছে |ঘটনা সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ৰাইজে |

পুনৰ গৰজি  উঠিল অসম আৰক্ষীৰ বন্দুক; ধৰাশায়ী অপৰাধী নূৰ কালাম 

ৰাজ্যত পুনৰ গৰজি  উঠিল অসম আৰক্ষীৰ বন্দুক। বিলাসীপাৰাৰ ৰাণীগঞ্জ বজাৰত সংঘটিত গুলিচালনা কাণ্ডৰ মাষ্টাৰ মাইণ্ডলৈ আৰক্ষীৰ গুলি।

আটকাধীন চুনাৰীৰ নূৰ কালামক লৈ নিশা লুকুৱাই ৰখা অস্ত্ৰৰ সন্ধান কৰিবলৈ গৈছিল আৰক্ষী।কিন্তু লুকুৱাই ৰখা অস্ত্ৰৰ সন্ধান দিবলৈ গৈ আৰক্ষীক আঘাত কৰি পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীয়ে চলালে গুলি।

সোঁ-ভৰিত গুলিবিদ্ধ নূৰ  কালামক বিলাসীপাৰাৰ আদৰ্শ চিকিৎসালয়ত লৈ যোৱা হয়। পিছত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ  প্ৰেৰণ কৰে ।

উল্লেখ্য যে যোৱা ২৬ নৱেম্বৰৰ সন্ধিয়া তিনি জনীয়া অস্ত্ৰধাৰীয়ে বজাৰখনৰ এছ, বি, আই’ৰ গ্ৰাহক সেৱা কেন্দ্ৰত নিৰ্বিচাৰে গুলি বৰ্ষণ কৰিছিল।ঘটনাটোত ওৱাহেদুৰ ৰহমান, ৰতন ৰায়কে ধৰি তিনিজন লোক গুৰুতৰভাৱে আহত হৈছিল।