দহ টকীয়া এপেকেট বিস্কুটে কাল অমানিশা নমাই আনিলে এটা পৰিয়াললৈ ৷ শুনি আচৰিত যেন লাগিলেও এয়াই সত্য ৷ এপেকেট বিস্কুটৰ বাবেই উপৰ্যুপৰি আক্ৰমণ কৰি প্ৰাণ কাঢ়ি নিলে এজন শ্ৰমিকৰ ৷
এই ঘটনা সংঘটিত হৈছে জাগীৰোডত ৷ অভিযোগ অনুসৰি জাগীৰোডৰ ঘুনুচা হাবী গাঁৱৰ ৰাজু হৰিজন নামৰ প্ৰায় ৪২ বছৰীয়া দিন হাজিৰা কৰা লোকজনক বাৰীৰ বেৰ দিয়াৰ কামত নিয়োজিত কৰিছিল জাগীৰোডৰ কণাবঢ়ি গাঁৱৰ কুন্দল দেউৰী নামৰ লোকজনে ৷
৭ এপ্ৰিল তাৰিখে সন্ধিয়া কাম শেষ কৰাৰ পাছত কুন্দল দেউৰীয়ে শ্ৰমিক ৰাজু হৰিজনক দিছিল চাহ আৰু বিস্কুট খাবলৈ ১০ টকা ৷ কিন্তু দহ টকাৰ বিপৰিতে ৰাজুৱে কুন্দল দেউৰীৰ পৰা বিচাৰিছিল ২০ টকা ৷
তাতেই দুয়োৰে মাজত সৃষ্টি হয় কাজিয়াৰ ৷ এটা সময়ত এই কাজিয়াই ৰূপ লয় ভয়ংকৰ ৷ বাকবিতণ্ডাৰ মাজতে কুন্দল দেউৰীয়ে উপৰ্যুপৰি আক্ৰমণ কৰে শ্ৰমিক ৰাজুক ৷ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় শ্ৰমিক ৰাজু ৷
তাৰ পিছত অচেতন হোৱা ৰাজু হৰিজনক অসুস্থ অৱস্থাতে ই-ৰিক্সাত উঠাই ঘৰলৈ পঠাই দিয়ে কুন্দল দেউৰীয়ে ।পিছত মুমূৰ্ষু অৱস্থাত ৰাজুক পৰিয়ালৰ লোকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰাই৷
কিন্তু জীৱন যুঁজত হাৰ মানি বৃহস্পতিবাৰে চিকিৎসালয়তে মৃত্যুক সাৱটি লয় ৰাজুৱে ৷ ইয়াৰ মাজতে পৰিয়ালৰ লোকে ৰাজুৰ জটিল পৰিস্থিতি সন্দৰ্ভত কুন্দল দেউৰীক অৱগত কৰিছিল যদিও কোনো খবৰ নোলোৱাৰ অভিযোগ কুন্দলৰ বিৰুদ্ধে ৷
যাৰ পৰিপ্ৰেক্ষিতত শুক্ৰবাৰে নিশা ৰাজু হৰিজনৰ মৃতদেহ লৈ জাগীৰোড আৰক্ষী থানাত উপস্থিত হয় পৰিয়াল আৰু আত্মীয় ৷
অভিযুক্ত কুন্দল দেউৰীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ লগতে দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় প্ৰদানৰ দাবী জনাইছে সকলোৱে ৷