আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন শচীন টেণ্ডুলকাৰো মেলবৰ্ণ ক্ৰিকেট খেলপথাৰত খেলা নীতিশ ৰেড্ডীৰ শতকীয় ইনিংছৰ অনুৰাগী হৈ পৰিছে । সামাজিক মাধ্যম ‘এক্স’ত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ এই ২১ বছৰীয়া যুৱ বেটছমেনক প্ৰশংসা কৰে । উল্লেখ্য যে ৰেড্ডীৰ ১০৫ ৰানৰ অপৰাজিত ইনিংছৰ বাবেই ভাৰতে ৩৫৮/৯ ৰান সংগ্ৰহ কৰি ফল’ অনৰ পৰা ৰক্ষা পৰিবলৈ সক্ষম হয় । বৰ্তমান দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১১৬ ৰানত পিছ পৰি আছে । যুৱ খেলুৱৈজনৰ স্থিৰতাত আপ্লুত হৈ টেণ্ডুলকাৰে ছ’চিয়েল মিডিয়াত তেওঁৰ ইনিংছৰ প্ৰশংসা কৰে, যিয়ে ভাৰতক চতুৰ্থ টেষ্টত প্ৰতিদ্বন্দ্বিতাত ৰাখিছিল ।
টেণ্ডুলকাৰে কৰিলে প্ৰশংসা-
পোষ্টটোত টেণ্ডুলকাৰে লিখিছে, ‘নিতীশৰ স্মৰণীয় ইনিংছ । প্ৰথম টেষ্টৰ পৰাই তেওঁ মোক আপ্লুত কৰি আহিছে আৰু সমগ্ৰ টেষ্টখনত তেওঁৰ ধৈৰ্য্য আৰু স্থিৰতা দেখা গৈছিল । আজি তেওঁ এই ছিৰিজত এটা গুৰুত্বপূৰ্ণ ইনিংছ খেলি নিজৰ খেল আৰু অধিক উন্নত কৰিলে ।‘ এইগৰাকী মহান বেটছমেনে অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰকো প্ৰশংসা কৰে । তেওঁ কয়, ‘ৱাশ্বিংটন সুন্দৰেও তেওঁক ভালদৰে সমৰ্থন কৰিছিল । চমৎকাৰ খেলিলে!’
নিতীশৰ দুৰ্দান্ত শতক-
পুৱাৰ অধিবেশনত ঋষভ পন্ট (২৮) আৰু ৰবীন্দ্ৰ জাডেজাৰ (১৭) উইকেট হেৰুৱাই ভাৰতে ২২১/৭ ৰানত সংগ্ৰাম কৰি থকা সময়তে বেটিং কৰিবলৈ আহিছিল নীতিশ কুমাৰ ৰেড্ডী । বৰ্ধিত চাপত বিচলিত নহৈ ২১ বছৰীয়া নিতীশে অবিশ্বাস্য ধৈৰ্য আৰু দৃঢ়তাৰে এটা ইনিংছ খেলি অষ্ট্ৰেলিয়াৰ শক্তিশালী বলিং লাইনআপৰ বিৰুদ্ধে নিজৰ সম্ভাৱনা প্ৰদৰ্শন কৰে । ৰেড্ডীৰ ইনিংছত ১০টা চাৰি আৰু এটা ছয় আছিল, যিয়ে সাৱধানতা আৰু আক্ৰমণাত্মকতাৰ এক সুন্দৰ ভাৰসাম্য দেখুৱাইছিল ।
দৃঢ়তাৰে থিয় হ’ল-
তেওঁ পাঁচ ঘণ্টাৰো অধিক সময় বেটিং কৰি ভাৰতক অবিৰতভাৱে সংকটৰ পৰা মুক্ত কৰি দলটোক ফ’ল’ অনৰ পৰা ৰক্ষা কৰে । ৱাশ্বিংটন সুন্দৰৰ সৈতে তেওঁৰ অংশীদাৰিত্ব, ৮ম উইকেটৰ বাবে ১২৭ ৰান, ভাৰতৰ প্ৰত্যাৱৰ্তনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আছিল । সুন্দৰে ৫০ ৰাণৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই, সহায়ক ভূমিকা পালন কৰে যাতে ৰেড্ডীয়ে ইনিংছ চম্ভালিব পাৰে । তেওঁলোকে একেলগে অষ্ট্ৰেলিয়াৰ আক্ৰমণত ব্যাঘাত জন্মাইছিল, গতি মন্থৰ কৰি ভাৰতক মেচত ৰাখিছিল । ভাৰত এতিয়াও ১১৬ ৰান পিছ পৰি থকা অৱস্থাত ৰেড্ডীৰ ভূমিকা গুৰুত্বপূৰ্ণ হ’ব কাৰণ চতুৰ্থ দিনা মহম্মদ চিৰাজৰ সৈতে তেওঁ পুনৰ বেটিং মুকলি কৰিব ।