ছত্তীশগড়ৰ মনেন্দ্ৰগড়-চিৰমিৰি-ভৰতপুৰ জিলাত এক লজ্জাজনক ঘটনা সংঘটিত হৈছে। এগৰাকী ছাত্ৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ অভিযোগত এখন বিদ্যালয়ৰ অধ্যক্ষ আৰু দুজন শিক্ষকৰ ওপৰত।
পৰীক্ষাত উত্তীৰ্ণ কৰাই দিম বুলি ছাত্ৰী গৰাকীক দুবাৰকৈ ধৰ্ষণ তিনি পাষণ্ডৰ । জানিব পৰা মতে ঘটনাটো ১৫ নৱেম্বৰত সংঘটিত হৈছিল।ছাত্ৰীগৰাকী এজন অভিযুক্তই ঘৰলৈ লৈ গৈছিল।
তাতে প্ৰধান শিক্ষক আৰু দুজন শিক্ষকে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল।সেই ঘটনাৰ কথা ছাত্ৰীগৰাকীক কাকো নক’বলৈ সতৰ্ক কৰি দিছিল এজন অভিযুক্তই।
দ্বিতীয় ঘটনাটো ২২ নৱেম্বৰত সংঘটিত হৈছিল। ছাত্ৰী গৰাকীয়ে দোকানএখনলৈ যোৱাৰ সময়তেই এজন অভিযুক্তই তেওঁক আদবাটতে ভাবুকি দি তেওঁৰ বাইকত এজন বন বিভাগৰ কৰ্মচাৰীৰ ভাড়াঘৰলৈ লৈ গৈছিল।য’ত তেওঁক পুনৰ দলবদ্ধভাৱে ধৰ্ষণ কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে।
দ্বিতীয়টো ঘটনাৰ পিছতেই ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে আৰক্ষীৰ ওচৰলৈ গৈ এটা অভিযোগ দাখিল কৰিছিল।তাৰ পিছতেই আৰক্ষীয়ে তদন্ত কৰি চাৰি অভিযুক্ত ক্ৰমে বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাভেন্দ্ৰ সিং কুশৱাহা , অশোক কুমাৰ কুশৱাহা আৰু কুশল সিঙক গ্ৰেপ্তাৰ কৰিছে।