মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পূৰ্বেই ৰাজনৈতিক আলোড়ন তীব্ৰতৰ হৈ পৰিছে। মুম্বাইৰ ছাণ্টাক্ৰুজৰ গ্ৰেণ্ড হায়াত হোটেলত মহা বিকাশ আঘাড়ীৰ ডাঙৰ ডাঙৰ নেতাসকলে প্ৰায় ডেৰ ঘণ্টা ধৰি এখন বৈঠকত মিলিত হৈছিল।
শিৱসেনা-ইউবিটিৰ সঞ্জয় ৰাউত আৰু অনিল দেশাই, এনচিপি (শৰদ পাৱাৰ গোট)ৰ নেতা জয়ন্ত পাটিল আৰু কংগ্ৰেছ নেতা বালাচাহেব থোৰাটকে ধৰি অন্যান্য এমভিএ নেতাসকলে বৈঠকত অংশগ্ৰহণ কৰে। নেতাসকলে সন্ধিয়া সাত মান বজাত বৈঠকত অংশগ্ৰহণ কৰি হোটেলৰ পৰা ওলাই গৈছিল।
জানিব পৰা মতে শনিবাৰে ফলাফল ঘোষণা হোৱাৰ পিছত মিত্ৰজোঁটৰ ৰণনীতি কি হ’ব, এই বিষয়টোক লৈ আলোচনা কৰা হৈছে।
বৈঠকখনত তিনিওটা দলে সিদ্ধান্ত লৈছে যে তেওঁলোকৰ দলৰ বিদ্ৰোহী যি সকলে নিৰ্বাচনত জয়ী হ’ব পাৰে তেওঁলোকৰ সৈতে তৎক্ষণাৎ যোগাযোগ কৰা উচিত।ফলাফলৰ পিছত, সকলো দলে তেওঁলোকৰ বিধায়ক সকলক ঐক্যবদ্ধ কৰি ৰাখিব লাগে। প্ৰয়োজন হ’লে হোটেললৈ স্থানান্তৰ কৰক যাতে অসুবিধাৰ কোনো সুযোগ নাথাকে।
উল্লেখ্য যে ২০ নৱেম্বৰত মহাৰাষ্ট্ৰৰ সকলো আসনতে নিৰ্বাচন অনুষ্ঠিত হৈছিল। মহাৰাষ্ট্ৰত ভোটদানৰ হাৰ আছিল প্ৰায় ৬৩ শতাংশ। এক্সিট প’লত দাবী কৰা হৈছে যে বিজেপি নেতৃত্বাধীন মহাযুতীয়ে চৰকাৰ গঠন কৰিব। বিৰোধীয়ে ইয়াক প্ৰত্যাখ্যান কৰিছে আৰু কৈছে যে ৰাজ্যখনত মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰা হ’ব।