নিশা নাহে নেকি টোপনি?
বৰ্তমান সময়ত সততেই বহুলোকৰ মুখতেই শুনা যায় অনিদ্ৰাৰ কথা। দুৰ্বল জীৱনশৈলী, চাপ আদিৰ বাবে যেন বহুলোকৰ ক্ষেত্ৰত অনিদ্ৰা (Insomnia)স্বাভাৱিক হৈ পৰিছে।
এইবোৰৰ ফলতেই গোটেই দিনটো শৰীৰৰ সম্পূৰ্ণ সুস্থ হৈ নাথাকে আৰু মানসিক চাপ অনুভৱ কৰে। বহুলোকৰ ক্ষেত্ৰত অনিদ্ৰা মাত্ৰ কেইদিনমানৰ সমস্যা হ’লেও কিন্তু প্ৰায়সংখ্যক লোক এনে অৱস্থাৰ সৈতে দীৰ্ঘদিন ধৰি যুঁজি আছে।
প্ৰতিজন ব্যক্তিৰ বাবেই নিদ্ৰা অতি গুৰুত্বপূৰ্ণ ৷ মগজুক আৰোগ্য কৰিবলৈ আৰু ইয়াক শিথিল কৰি ৰাখিবলৈ পৰ্যাপ্ত নিদ্ৰৰা প্ৰয়োজন ৷
কিছুমান অধ্যয়নত ইতিমধ্যে প্ৰমাণ হৈছে যে, নিশা ভালকৈ টোপনি অহা লোকসকলে তেওঁলোকৰ জীৱনৰ সমস্যাবোৰ ভালদৰে সমাধান কৰিবলৈ সক্ষম হয় আৰু ই ব্যক্তিজনৰ সৃষ্টিশীলতাও বৃদ্ধি কৰে ৷ এই সমস্যাটো দূৰ কৰিবলৈ আপুনি গ্ৰহণ কৰিব পাৰে কিছুমান ঘৰুৱা প্ৰতিকাৰ
শুবলৈ লওঁতে মবাইলটো ওচৰত নাৰাখিব ৷ টিভি, ৰেডিঅ’ৰ দৰে বস্তুবোৰো শোৱনি কোঠাত নাৰাখিব ৷ ই আপোনাৰ টোপনি ব্যাহত কৰাৰ এক অন্যতম কাৰণ ৷
ধ্যান কৰক শান্ত আৰু এডোখৰ নিৰ্জন ঠাইত বহক আৰু গভীৰ উশাহ লওক। আপোনাৰ চকু বন্ধ কৰি উশাহ অনুভৱ কৰক। এই প্ৰক্ৰিয়াটো আপুনি ৫ মিনিটৰ পৰা আৰম্ভ কৰি ইয়াক ২০ মিনিটলৈকে উন্নীত কৰক।
যদি আপুনি এইটো প্ৰতিদিনে কৰে, আপুনি দেখিব যে আপোনাৰ চাপ হ্ৰাস পাইছে আৰু আপুনি আপোনাৰ আৱেগ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। এনে কৰিলে আপোনাৰ টোপনি উন্নত হ’ব আৰু কোনো সমস্যা নোহোৱাকৈ আপুনি ৰাতি টোপনি যাব পাৰিব।
মন্ত্ৰ আৰু জপ মনটো শান্ত কৰাৰ এইটো এটা ভাল উপায়। যদি আপুনি ৰাতি শুব নোৱাৰে তেন্তে মন্ত্ৰ এটা জপ কৰক।
যদি আপুনি কোনো মন্ত্ৰ নাজানে, আপুনি ওমঃ জপ কৰিব পাৰে। নিমিষতে আপুনি ভাল অনুভৱ কৰিব আৰু ৰাতি সুন্দৰ টোপনি যাব।
ব্যায়াম কৰক। যদি আপুনি ছয় মাহৰ বাবে প্ৰতি সপ্তাহত মুঠ ১৫০ মিনিট ব্যায়াম কৰে, আপোনাৰ টোপনিৰ ক্ষেত্ৰত এক ডাঙৰ পাৰ্থক্য দেখা দিব আৰু আপুনি ৰাতিটো ভালদৰে শুবলৈ সক্ষম হ’ব।
(এই লেখাত পৰামৰ্শ দিয়া টিপছবোৰ কেৱল সাধাৰণ তথ্যৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় কোনো পৰিৱৰ্তন কৰাৰ আগতে বা কোনো ৰোগৰ লগত জড়িত কোনো প্ৰতিকাৰ গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।
লগতে পঢ়ক: ‘RCBৰ ইভেণ্টত আমাৰ কোনো ভূমিকা নাই, কিন্তু…; বেংগালুৰু ঘটনা সন্দৰ্ভত BCCI ৰ বিবৃতি