তেতিয়া সময় নিশা প্ৰায় ৮.৩০ বাজিছিল। সুৰংগ নিৰ্মাণৰ কাম কৰি থকা শ্ৰমিক সকলে নিশাৰ আহাৰ গ্ৰহণৰ বাবে গোট খাইছিল।হঠাৎ ৩ জন সশস্ত্ৰ সন্ত্ৰাসবাদী তাত উপস্থিত হৈ শ্ৰমিকসকলৰ ওপৰত নিৰ্বিচাৰভাৱে গুলীবৰ্ষণ আৰম্ভ কৰিছিল।কোনো কথা বুজি পোৱাৰ আগতেই সন্ত্ৰাসবাদীৰ গুলিত মাটিত ঢলি পৰিছিল শ্ৰমিক সকল।জম্মু-কাশ্মীৰৰ গণ্ডাৰবল জিলাৰ শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সুৰংগৰ নিৰ্মাণ স্থানত সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন চিকিৎসকসহ ৬ জন শ্ৰমিকৰ মৃত্যু হয়।আনহাতে ৫ জন শ্ৰমিকৱ বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।জানিব পৰা মতে এই আক্ৰমণ লস্কৰ-ই-তৈবাৰ সৈতে সম্পৰ্কিত সংগঠন ৰেজিষ্টেন্স ফ্ৰণ্টে (টিআৰএফ) সংঘটিত কৰিছে।
