টোপনি সুস্বাস্থ্যৰ মহৌষধ ৷ ৰাতিৰ ভাল টোপনিয়ে মানুহক নিৰোগী স্বাস্থ্য প্ৰদান কৰে৷ মানুহৰ শৰীৰটোও যন্ত্ৰৰ দৰে ৷ টোপনিৰ সময়ত দেহটোৱে বাহ্যিকভাৱে আৰাম পাই যদিও আভ্যন্তৰীণ ভাৱে পৰিপাক যন্ত্ৰটোৱে তেতিয়াই নিজৰ কাম সমাধা কৰে৷
আজিৰ যুগত প্ৰায় তিনিজন ব্যক্তিৰ ভিতৰত এজন ব্যক্তিয়ে টোপনিৰ সমস্যাত ভুগি থকা দেখিবলৈ পোৱা যায়। জীৱনশৈলী আৰু অত্যাধিক চাপৰ ফলত এই সমস্যা দিনে দিনে বৃদ্ধি পাবলৈ লৈছে।
এনে পৰিস্থিতিত ভাল টোপনি অহাৰ বাবে বহু ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। জানো আহক কিদৰে আহিব ভাল টোপনি-
১) প্ৰতিদিনে এক চামুচ মৌৰ লগত মেথিৰ পাতৰ মিহলাই খাব লাগে।
২) গভীৰ টোপনিৰ বাবে নিশা কল, চজিনা আৰু কিৱি খাব পাৰে।
৩) নিশা বিচনালৈ যোৱাৰ পূৰ্বে এগিলাচ কুহুমীয়া গাখীৰৰ লগত এচামুচ মৌ মিহলাই খাব লাগে।
৪) কেশৰ মিহলি গাখীৰ খালেও গভীৰ টোপনি আহে।
৫) ভাল টোপনিৰ বাবে মানুহে লঘু ব্যায়াম ,খোজকঢ়া আদি জৰুৰী অভ্যাস গঢ়িতোলাটো জৰুৰী ৷
৬) শোৱনীকোঠাত বতাহ চলাচল কৰাৰ ব্যৱস্থাই সুন্দৰ টোপনিত সহায় কৰে ৷
(পৰামৰ্শসহ এই সমলটোৱে কেৱল সাধাৰণ তথ্য হে প্ৰদান কৰে।অধিক তথ্যৰ বাবে সদায়ে বিশেষজ্ঞ বা আপোনাৰ নিজৰ চিকিৎসকৰ পৰামৰ্শ ল’ব।)