নিজ বাসগৃহত অন্তিম শয়নত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
-নিজ বাসগৃহত অন্তিম শয়নত প্ৰাণৰ শিল্পী জুবিন
-চিৰনিদ্ৰাৰ শীতল কোলাত নিথৰ হৈ পৰি আছে প্ৰাণৰ শিল্পীগৰাকী
-ইতিমধ্যে শেষবাৰৰ বাবে পুত্ৰ মুখ চাবলৈ বাহিৰলৈ উলাই আহিছে পিতৃ কপিল ঠাকুৰ
-শুভ্ৰ শীতল বগা চাদৰেৰে মেৰিয়াই দিয়া হৈছে নশ্বৰ দেহ
-এই দৃশ্য দেখাৰ লগে লগে চিঞৰি চিঞৰি কান্দিছে জনতাই
-ৰাজপথত চিঞৰি চিঞৰি গাইছে জুবিনদা উঠা
-কিন্তু উভতি নহাৰ বাটেৰে শিকলি ছিঙি গ’লগৈ জুবিন গাৰ্গ
-দেৱতাৰ শাৰীলৈ উন্নিত হোৱা শিল্পীগৰাকীক চাবলৈ লক্ষ লক্ষ জনতাৰ
-২ঘণ্টাৰ বাবে ৰখা হ’ব কাহিলীপাৰাত
-ভেদিব নোৱাৰা বানৰ দৰে জনতাৰ সোঁত বৈছে কাহিলীপাৰাত
-কোনেও কাকো সান্তনা দিব নোৱাৰা পৰিৱেশ
-২ঘণ্টাৰ পিছতে সৰুসজাইলৈ লৈ যোৱা হ’ব নশ্বৰ দেহ
-সৰুসজাইত প্ৰতিগৰাকীয়ে জনাব পাৰিব শ্ৰদ্ধাঞ্জলি
-প্ৰাণৰ শিল্পীগৰাকীৰ বিয়োগত আজি বতৰ গোমা হৈ পৰিছে
-আৱেগ বিহ্বল হৈ পৰিছে অসমবাসী
লগতে পঢ়ক : সোণাপুৰৰ হাতীমূৰাই হ’ব পাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ ঠিকনা !