চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ দ্বিতীয় খন ছেমিফাইনেল খেল দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হৈছিল। য’ত নিউজিলেণ্ডে ৫০ ৰানত জয় লাভ কৰিলে।কিৱি বাহিনীয়ে প্ৰথমে বেটিং কৰি ইতিহাস সৃষ্টি কৰিছিল।
ৰাচিন ৰবীন্দ্ৰ আৰু কেন উইলিয়ামছনৰ শতকৰ বাবে নিউজিলেণ্ডে আফ্ৰিকাৰ বিৰুদ্ধে ৩৬৩ ৰাণৰ লক্ষ্য বান্ধি দিছিল।কিন্তু ৩১২ ৰানত আটাইকেইটা উইকেট হেৰুৱাই পৰাস্ত হয় দক্ষিণ আফ্ৰিকা।
দক্ষিণ আফ্ৰিকাৰ দলটোৱে ৫০ অভাৰত ৯ টা উইকেটত মাত্ৰ ৩১২ ৰাণ হে সংগ্ৰহ কৰে।ICC চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ভাৰতৰ মুখামুখি হ’ব কিৱি বাহিনী।
৯ মাৰ্চত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফীৰ ফাইনেল মেচখন।চেম্পিয়নছ ট্ৰফীৰ অন্তিম খন খেল ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।