আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৩৯ তম ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ দেওবাৰে ১০০ বছৰ বয়সত মৃত্যু হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যমই এই তথ্য দিছিল।
জিমি কাৰ্টাৰ ১৯৭৭ চনৰ পৰা ১৯৮১ চনৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আছিল। তেওঁৰ সততা আৰু মানৱীয় প্ৰচেষ্টাৰ বাবেও তেওঁ প্ৰশংসিত হৈছিল।ইজৰাইল আৰু ইজিপ্তৰ মাজত শান্তি স্থাপনৰ বাবে তেওঁক শান্তিৰ নবেল বঁটা প্ৰদান কৰা হৈছিল।
১৯২৪ চনৰ ১ অক্টোবৰত জন্মগ্ৰহণ কৰা কাৰ্টাৰে ১৯৭৭ চনত আৰ ফৰ্ডক পৰাস্ত কৰি ৰাষ্ট্ৰপতি হয়। এই সময়ছোৱাত তেওঁ মধ্যপ্ৰাচ্যৰ সৈতে আমেৰিকাৰ সম্পৰ্কৰ ভেটি স্থাপন কৰে।
মধ্যপ্ৰাচ্যৰ শান্তিৰ দূত হিচাপে পৰিচিত আছিল ৰাষ্ট্ৰপতিগৰাকী। বিশ্ব স্বাস্থ্য আৰু মানৱ অধিকাৰৰ বাবে অক্লান্তভাৱে কাম কৰি গৈছিল তেওঁ। কাৰ্টাৰ আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ দীৰ্ঘজীৱী ৰাষ্ট্ৰপতি।
১৯৭৮ চনত ইজৰাইল আৰু ইজিপ্তৰ মাজত হোৱা কেম্প ডেভিদ চুক্তিৰ বাবে তেওঁৰ ৰাষ্ট্ৰপতিত্ব সৰ্বশ্ৰেষ্ঠভাৱে স্মৰণীয়, যি চুক্তিয়ে মধ্য প্ৰাচ্যলৈ কিছু স্থিৰতা আনিছিল। ইয়াৰ বাবে তেওঁক ২০২২ চনত শান্তিৰ নবেল বঁটা প্ৰদান কৰা হয়।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ বাইডেনে কাৰ্টাৰক এজন মৰমৰ বন্ধু আৰু অসাধাৰণ নেতা বুলি অভিহিত কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
নিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছিল যে আমেৰিকানসকলে প্ৰাক্তন ৰাষ্ট্ৰপতিৰ প্ৰতি কৃতজ্ঞতাৰ ঋণী। জিমি কাৰ্টাৰক সম্পূৰ্ণ ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যেষ্টিক্ৰিয়া কৰা হ’ব।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ মৃত্যুৰ পিছত, পৰম্পৰা অনুসৰি, আমেৰিকাৰ পতাকা চৰকাৰী ভৱনবোৰত অৰ্ধনমিত বাৱে উৰোৱা হ’ব। এই পৰম্পৰাটো হোৱাইট হাউচৰ পৰা স্থানীয় বিদ্যালয়লৈকে অনুসৰণ কৰা হ’ব।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভেটেৰেন্স এফেয়াৰ্ছ বিভাগৰ মতে, এজন ৰাষ্ট্ৰপতি বা প্ৰাক্তন ৰাষ্ট্ৰপতিৰ মৃত্যুৰ পিছত ৩০ দিনৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল ভৱন, ভূমি আৰু নৌ-জাহাজ আৰু ইয়াৰ সকলো অঞ্চলতে পতাকাখন অৰ্ধনমিত হৈ থাকিব।