আজি ঘোষণা কৰিব দিল্লী বিধানসভা নিৰ্বাচন ২০২৫ৰ ফলাফল।৮ বজাৰ লগে লগেই আৰম্ভ হ’ল ভোট গণনা । উল্লেখ্য যে দিল্লীৰ ৭০ খন আসনৰ বাবে ৫ ফেব্ৰুৱাৰীত হৈছিল ভোটদান প্ৰক্ৰিয়া।
এই নিৰ্বাচনত আম আদমী পাৰ্টি, বিজেপি আৰু কংগ্ৰেছৰ মাজত ত্ৰিকোণীয়া যুঁজ হৈছে।ইতিমধ্যে পোষ্টেল বেলটেৰে আৰম্ভ হৈছে ভোটগণনা।
দিল্লী বিধানসভা নিৰ্বাচনৰ আটাইতকৈ আকৰ্ষণীয় আসনখন হ’ল ‘নতুন দিল্লী’ বিধানসভা আসন।উল্লেখনীয় যে অৰবিন্দ কেজৰিৱালে এই আসনৰ পৰা নিৰন্তৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি আহিছে।
আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক আৰু দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল এই আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে ।
কেজৰিৱালৰ বিৰুদ্ধে বিজেপিৰ চাহিব সিং বাৰ্মা আৰু কংগ্ৰেছৰ পৰা, শীলা দীক্ষিতৰ পুত্ৰ সন্দীপ দীক্ষিতে প্ৰতিদ্বন্দ্বিতা কৰিছে ।
অৰবিন্দ কেজৰিৱালে ২০১৩ চনৰ পৰা নতুন দিল্লী বিধানসভা আসনক প্ৰতিনিধিত্ব কৰি আহিছে। কেজৰিৱালে ২০১৩ চনৰ নিৰ্বাচনত দিল্লীৰ তদানীন্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতক ২৫,৮৬৪ টা ভোটত পৰাস্ত কৰি এই আসনখন জিকিছিল।
২০১৫ চনত, কেজৰিৱালে বিজেপিৰ নুপুৰ শৰ্মাক৩১,৫৮৩ টা ভোটত পৰাজিত কৰিছিল।২০২০ চনৰ দিল্লী বিধানসভা নিৰ্বাচনত কেজৰিৱালে নতুন দিল্লী আসনৰ পৰা বিজেপি প্ৰাৰ্থী সুনীল কুমাৰ যাদৱক ২১,৬৯৭ টা ভোটত পৰাজিত কৰিছিল।