পৃথিৱীত এনে ধৰণৰ বহু বিবাহ হৈছে যি বিভিন্ন কাৰণত চৰ্চালৈ আহিছে। যেনে অতি ব্যয়বহুল বিবাহ, এক অনন্য ৰীতি-নীতিৰ বিবাহ বা অতি সৰলতাৰে কৰা বিবাহ। একেদৰে, জামাইকাৰ এখন বিবাহো অতি বিখ্যাত হৈ পৰিছে। ইয়াৰ আঁৰৰ কাৰণ টো হ’ল যে এই বিয়াখনৰ দৰা কইনাকে ধৰি অতিথি সকলেও পিন্ধি অহা নাছিল কাপোৰ।
সাধাৰণতে, দৰা আৰু কইনাই বিখ্যাত বিখ্যাত ডিজাইনাৰসকলৰ কাপোৰ পিন্ধি তেওঁলোকৰ জীৱনৰ এই দিনটো স্মৰণীয় কৰি তুলিবলৈ চেষ্টা কৰে। এইদিনটোৰ বাবেই সকলোবোৰ সৰ্বশ্ৰেষ্ঠ পৰিকল্পনা কৰে, যাৰ ভিতৰত আছে চমৎকাৰ মেকআপ, ব্যয়বহুল গহনা। যাতে বিয়াৰ দিনা তেওঁলোকক অতি ধুনীয়া দেখায়।
কিন্তু কেইবছৰমান পবৰ্বে জামাইকাৰ এখন ৰিজৰ্টত অনুষ্ঠিত হোৱা এখন বিয়াত সকলো লোকেই নগ্ন হৈ উপস্থিত হৈছিল। আনকি দৰা কইনাৰ শৰীৰতো কোনো কাপোৰ নাছিল। এই বিবাহখন ২০০৩ চনত হৈছিল আৰু ই এখন সমূহীয়া বিয়া আছিল । য’ত দৰা কইনা আছিল ২৯ যোৰা।২৯ টা দম্পতীয়ে উলংগ হৈ বিবাহ পাশত আৱদ্ধ হোৱা এই বিয়াখন আজিও চৰ্চা থাকে ।