টিম ইণ্ডিয়াৰ অন্যতম তাৰকা খেলুৱৈ যশপ্ৰীত বুমৰাহ । তেওঁৰ বাবেই শেহতীয়া সময়ত টিম ইণ্ডিয়াই বহু মেচত জয়লাভ কৰিছে । ইয়াৰ মাজতে অষ্ট্ৰেলিয়া ভ্ৰমণৰ ৫ম আৰু অন্তিম টেষ্ট মেচ খেলি থকা টিম ইণ্ডিয়াই ডাঙৰ জোকাৰণিৰ সন্মুখীন হৈছে । কাৰণ মেচৰ মাজভাগত হঠাতে খেলপথাৰৰ পৰা ওলাই আহিল যশপ্ৰীত বুমৰাহ আৰু তাৰ পিছত ট্ৰেইনিং কিট পিন্ধি ষ্টেডিয়ামৰ পৰা ওলাই যোৱা দেখা যায় তেওঁক । সেই সময়ত অনুমান কৰা হৈছিল যে বুমৰাহে খেলপথাৰত হয়তো কিছু সমস্যাৰ সন্মুখীন হৈছিল । যাৰ বাবে তেওঁ স্কেনৰ বাবে ওলাই গৈছে । তেওঁক টিম ইণ্ডিয়াৰ চিকিৎসা দলৰ সৈতে দেখা গৈছিল । ইফালে বুমৰাহৰ আঘাত সন্দৰ্ভত টিম ইণ্ডিয়াৰ যুৱ বলাৰ প্ৰসিদ্ধ কৃষ্ণই ডাঙৰ আপডেট দিছে ।
বুমৰাহৰ আঘাতৰ ওপৰত ক’লে এই কথা-
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পঞ্চমখন টেষ্ট মেচৰ দ্বিতীয় দিন শেষ হোৱাৰ পাছতে টিম ইণ্ডিয়াৰ হৈ সংবাদমেলৰ বাবে প্ৰসিদ্ধ কৃষ্ণক প্ৰেৰণ কৰা হয় । যেতিয়া কৃষ্ণক বুমৰহৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল, তাৰ উত্তৰত তেওঁ বুমৰাহৰ কঁকালৰ বিষ হৈছে আৰু তেওঁ স্কেন কৰিবলৈ গৈছে বুলি জনায় । স্কেন ৰিপৰ্টৰ পিছত মেডিকেল টিমে পৰৱৰ্তী আপডেট দিবলৈ সক্ষম হব । চিকিৎসা দলে তেওঁক নিৰীক্ষণ কৰি আছে, তাৰ পিছত সিদ্ধান্ত লোৱা হ’ব ।
বুমৰাহক প্ৰয়োজন টিম ইণ্ডিয়াৰ-
ভাৰতীয় দলক এই মেচত যশপ্ৰীত বুমৰাহক প্ৰয়োজন । দ্বিতীয় দিনৰ শেষলৈকে টিম ইণ্ডিয়াই দ্বিতীয় ইনিংছত ৬টা উইকেট হেৰুৱাই ১৪১ ৰান সংগ্ৰহ কৰিছে আৰু বৰ্তমান টিম ইণ্ডিয়াই ১৪৫ ৰানৰ অগ্ৰগতি লাভ কৰিছে । এনে পৰিস্থিতিত পৰৱর্তী ইনিংছত লক্ষ্য ৰক্ষা কৰিবলৈ বুমৰাহৰ প্রয়োজন হ’ব টিম ইণ্ডিয়াক, যদিও অন্তিম ইনিংছত তেওঁ বলিং কৰিব নে নকৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ অৱশ্যে এই মেচত এতিয়ালৈকে টিম ইণ্ডিয়াৰ বলাৰসকলে ভাল প্ৰদৰ্শন আগবঢ়াইছে । এই সমগ্ৰ শৃংখলাত বুমৰাহৰ প্ৰদৰ্শন যথেষ্ঠ শক্তিশালী । ৯টা ইনিংছত মুঠ ৩২টা উইকেট দখল কৰিছে তেওঁ । এনে পৰিস্থিতিত টিম ইণ্ডিয়াৰ বাবে তেওঁৰ উপস্থিতি গুৰুত্বপূৰ্ণ ।