৫ বছৰীয়া প্ৰেমৰ সম্পৰ্কৰ অন্তত ২০১২ চনৰ আজিৰ দিনটোতেই বিবাহ পাশত আৱদ্ধ হৈছিল চেইফ আলী খান আৰু কৰীণা কাপুৰ খান।

আজি চেইফ কৰীণাৰ ১২ বছৰীয়া বিবাহ বাৰ্ষিকী। ফুৰ্তি আৰু আনন্দৰ মাজেৰে পাটৌডি পৰিয়ালটোৱে চৈফ আৰু কৰীণাৰ বিবাহ বাৰ্ষিকী উদযাপন কৰি আছে।চেইফ আলী খান আৰু কৰীণা কাপুৰ দুয়োজনৰে ধৰ্ম বেলেগ বেলেগ ।

দুয়োৰে বয়সত ১০ বছৰৰ পাৰ্থক্য আছে।চেইফ আৰু কৰীণা প্ৰথমবাৰৰ বাবে ‘তাশন’ বোলছবিখনৰ ছেটত লগ পাইছিল।ছবিখনৰ শ্বুটিঙৰ সময়তেই চেইফ আলী খান কৰীণা কাপুৰৰ প্ৰেমত পৰিছিল।

তাশানৰ দৃশ্যগ্ৰহণৰ সময়ত, তেওঁলোক দুয়োজনে ডেট কৰা আৰম্ভ কৰিছিল। ছেটৰ বাহিৰেও তেওঁলোক দুয়োকে বহু স্থানত একেলগে দেখা পোৱা গৈছিল । যাৰ বাবে দুয়োৰে সম্পৰ্কৰ বিষয়ে চৰ্চা আৰম্ভ হৈছিল।

২০০৭ চনৰ পৰা ২০১২ চনলৈ প্ৰেমৰ সম্পৰ্কত আছিল দুয়ো।ইয়াৰ পিছত, ২০১২ চনৰ ১৬ অক্টোবৰৰ দিনা অতি সাধাৰণবাৱে বিবাহপাশত আৱদ্ধ হয় দুয়ো।
