জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক সমগ্ৰ বিশ্বতে গৰিহণা দিছে। ইফালে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে এই আক্ৰমণক তীব্ৰ গৰিহণা দি কৈছে যে ‘দোষীক ন্যায়ৰ কাঠগড়াত থিয় কৰাব লাগে’।
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে জাৰি কৰা নিন্দামূলক প্ৰস্তাৱত কয় যে, ‘আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্ৰতি সন্ত্ৰাসবাদ অন্যতম ভয়াৱহ ভাবুকি’।ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ হৈ এক প্ৰেছ বিবৃতি প্ৰকাশ কৰিছে।
ইয়াত কোৱা হৈছে যে, সুৰক্ষা পৰিষদৰ সদস্যই ২২ এপ্ৰিলত জম্মু-কাশ্মীৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা কৰিছে, য’ত কমেও ২৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে।
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে এই আক্ৰমণত নিহত হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।
নিৰাপত্তা পৰিষদে এই জঘন্য সন্ত্ৰাসবাদী কাৰ্যৰ দোষীক, আয়োজক আৰু পৃষ্ঠপোষকক ন্যায়ৰ ওচৰলৈ অনাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
নিৰাপত্তা পৰিষদে সেই কথাত গুৰুত্ব আৰোপ কৰি কয় যে, হত্যাকাণ্ডৰ বাবে দায়ীসকলক জবাবদিহি কৰিব লাগিব। সুৰক্ষা পৰিষদে সকলো দেশকে আহ্বান জনাইছে যে সকলোৱে এই ক্ষেত্ৰত সহযোগীতা আগবঢ়াই।