মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী সন্দৰ্ভত চলি থকা উৎকণ্ঠা শেষ । আজি ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব দেৱেন্দ্ৰ ফাড়নৱিছে । আনহাতে একনাথ শিণ্ডে আৰু অজিত পাৱাৰে উপ-মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হ’ব । নিৰ্বাচনৰ ফলাফল আৰু বৃহৎ জয়ৰ পিছত মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী বাছনি কৰিবলৈ ১৩ দিন সময় লাগিল । মুখ্যমন্ত্ৰীৰ চকী সন্দৰ্ভত দীৰ্ঘদিনীয়া বিতৰ্ক আৰু অংকৰ অন্তত দেৱেন্দ্ৰ ফাড়নৱিছৰ নাম চূড়ান্ত হয় । তেওঁৰ লগতে শিৱসেনাৰ মুৰব্বী একনাথ শিণ্ডে আৰু এন চি পিৰ অধ্যক্ষ অজিত পাৱাৰে আজি সন্ধিয়া উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । মহাৰাষ্ট্ৰৰ ৰাজনৈতিক হেভীৱেইটৰ ভিতৰত থকা এই তিনিজনৰ মৰ্যাদা সকলোৰে সন্মুখত । কিন্তু ধন-সম্পত্তিৰ ফালৰ পৰা কোন বেছি শক্তিশালী ?
কিমান ধনী দেৱেন্দ্ৰ ফাড়নৱিছ ?
ফাড়নৱিছ দম্পতীৰ মুঠ সম্পত্তিৰ কথা ক’বলৈ গ’লে নিৰ্বাচনী শপতনামা অনুসৰি দেৱেন্দ্ৰ ফাড়নৱিছৰ মুঠ সম্পত্তি প্ৰায় ৫.২ কোটি টকা । তেওঁৰ ৫৬ লাখ টকাৰ স্থাৱৰ সম্পত্তি আৰু ৪.৬ কোটি টকাৰ অস্থাৱৰ সম্পত্তি আছে । আনহাতে পত্নী অমৃতা ফাড়নৱিছৰ সম্পত্তিৰ পৰিমাণ ৭.৯ কোটি টকা । তেওঁৰ ৬.৯ কোটি টকাৰ স্থাৱৰ সম্পত্তি আৰু ৯৫ লাখ টকাৰ অস্থাৱৰ সম্পত্তি আছে । অৰ্থাৎ ফাড়নৱিছ দম্পতীৰ মুঠ সম্পত্তি ১৩ কোটি টকা ।
একনাথ শিণ্ডেৰ মুঠ সম্পত্তি-
মহাৰাষ্ট্ৰত ক্ষমতা দখল কৰাৰ পিছত পূৰ্বৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ প্ৰভাৱ বেলেগ । নিৰ্বাচনী শপতনামা অনুসৰি তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩৭,৬৮,৫৮,১৫০ টকা । বিশেষ কথাটো হ’ল যোৱা পাঁচ বছৰত তেওঁৰ ধন-সম্পত্তি তিনিগুণ বৃদ্ধি পাইছে । ২০১৯ বৰ্ষৰ নিৰ্বাচনী শপতনামা অনুসৰি তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল ১১,৫৬,৭২,৪৬৬ টকা, যিটো পাঁচ বছৰৰ পাছত ২০২৪ চনত ৩৭ কোটি টকালৈ বৃদ্ধি পাইছে । তেওঁৰ ১,৪৪,৫৭,১৫৫ টকাৰ স্থাৱৰ সম্পত্তি আছে । তেওঁৰ পত্নীৰ ৭,৭৭,২০,৯৯৫ টকাৰ স্থাৱৰ সম্পত্তি আছে । ইয়াৰ বাহিৰেও তেওঁ সোণ আৰু মাটিত বিনিয়োগ কৰিছে ।
কিমান ধনী অজিত পাৱাৰ-
পুনৰবাৰ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হ’বলৈ ওলোৱা অজিত পাৱাৰৰ মুঠ সম্পত্তিৰ পৰিমাণ ৪৫.৩৭ কোটি টকা । তেওঁৰ ৮.২২ কোটি টকাৰ স্থাৱৰ সম্পত্তি আৰু ৩৭.১৫ কোটি টকাৰ অস্থাৱৰ সম্পত্তি আছে । টয়োটা কেম্ৰী আৰু হোণ্ডা চি আৰ ভি গাড়ী, এখন ট্ৰেক্টৰ, ৰূপৰ গহনা, এফ ডি, শ্বেয়াৰ, বণ্ডত তেওঁৰ ভাল বিনিয়োগ আছে । তেওঁৰ পত্নী তথা ৰাজ্যসভাৰ সাংসদ সুনেত্ৰা পাৱাৰৰ ১৪.৫৭ কোটি টকাৰ স্থাৱৰ সম্পত্তি আৰু ৫৮.৩৯ কোটি টকাৰ অস্থাৱৰ সম্পত্তি আছে । অজিত পাৱাৰ ৰাজনীতিৰ লগতে ব্যৱসায়ৰ বিশেষজ্ঞ খেলুৱৈ । বহু কোম্পানীত তেওঁৰ অংশীদাৰিত্ব আছে ।
কোন আটাইতকৈ ধনী-
তিনিওজন নেতাৰ ভিতৰত অজিত পাৱাৰ টকাৰ ফালৰ পৰা আটাইতকৈ শক্তিশালী । একনাথ শিণ্ডে আৰু দেৱেন্দ্ৰ ফাড়নৱিছৰ তুলনাত তেওঁ আটাইতকৈ ধনী । দেৱেন্দ্ৰ ফাড়নৱিছৰ ১৩ কোটি টকাৰ সম্পত্তি থকাৰ বিপৰীতে একনাথ শিণ্ডেৰ ৩৭ কোটি টকাৰ সম্পত্তি আছে । এই দুজনৰ আগত আছে ৪৫.৩৭ কোটি টকাৰ সম্পত্তিৰে অজিত পাৱাৰ ।