বুধবাৰে ব্ৰিটিছ সংসদত বিৰোধী দলৰ দলপতি পদৰ পৰা পদত্যাগ কৰে ঋষি ছুনাকে । দীপাৱলী উৎসৱৰ কিছু স্মৃতি উল্লেখ কৰি তেওঁ কয় যে দুবছৰ পূৰ্বে পোহৰৰ উৎসৱৰ সময়ত তেওঁক ভাৰতীয় মূলৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল । জুলাই মাহত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত কনজাৰ্ভেটিভ পাৰ্টিৰ পৰাজয়ৰ পিছত নতুন নেতা নিৰ্বাচিত নোহোৱালৈকে কনজাৰ্ভেটিভ পাৰ্টিৰ অন্তৱৰ্তীকালীন নেতা হিচাপে কাম কৰি আছিল ছুনাকে ।
ছুনাকে কয়, ‘মই দীপাৱলীৰ সময়ত মোৰ দলৰ নেতা হৈছিলো আৰু এই উৎসৱৰ সময়ত মই পদৰ পৰা পদত্যাগ কৰিছো ।’ তেওঁ কয়, ‘মই প্ৰথমজন ব্ৰিটিছ এছিয়ান প্ৰধানমন্ত্ৰী হোৱাৰ বাবে গৌৰৱান্বিত আৰু ইয়াৰ দ্বাৰা ব্ৰিটিছ জনসাধাৰণ, আমাৰ দেশ আৰু এই সংসদৰ মূল্যবোধৰ বিষয়ে বহু কথাই কোৱা হৈছে ।’
২০২২ চনৰ অক্টোবৰ মাহত দীপাৱলীৰ সময়ত ছুনক পত্নী অক্ষতা আৰু কন্যা কৃষ্ণা আৰু অনুষ্কাৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাসগৃহ ‘১০ ডাউনিং ষ্ট্ৰীট’লৈ আহিছিল আৰু একেৰাহে দুবছৰ ধৰি ইয়াৰ চিৰিবোৰ চাকি আৰু ৰংগোলীৰে সজাইছিল ।
ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে দেৱালীত শুভেচ্ছা জনাইছে-
প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে কয় যে ব্ৰিটিছ সংসদৰ সকলো শ্ৰেণীয়ে গৌৰৱান্বিত যে প্ৰধানমন্ত্ৰী হিচাপে ছুনাকে ‘আমাৰ বৈচিত্ৰময় দেশখনক প্ৰতিনিধিত্ব কৰিছে’ । লগতে বহু ৰাজনৈতিক মতানৈক্যৰ মাজতো বিদায়ী বিৰোধী নেতাগৰাকীৰ ‘কঠোৰ, দায়বদ্ধতা আৰু শালীনতা’ক প্ৰশংসা কৰে ।
ষ্টাৰমাৰে কয়, ‘ব্ৰিটেইনৰ লগতে সমগ্ৰ বিশ্বতে দীপাৱলী উদযাপন কৰা সকলোকে দীপাৱলীৰ শুভেচ্ছা জনাইছো । এই সময়ত একেলগে উদযাপন কৰি উজ্জ্বল ভৱিষ্যতৰ ওপৰত গুৰুত্ব আৰোপ কৰিব পাৰি ।