প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে আয়ুষ্মান আঁচনিৰ নতুন পৰ্যায়ৰ আয়ুষ্মান ভাৰত “নিৰাময়ম” মুকলি কৰে । দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ আয়ুৰ্বেদ (AIIA)ত আয়োজিত এক অনুষ্ঠানত প্ৰায় ১২,৮৫০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । এতিয়া বৃহৎ স্বাস্থ্য বীমা আঁচনি আয়ুষ্মান ভাৰতৰ অধীনত ৭০ বছৰ আৰু তাতকৈ অধিক বয়সৰ সকলো বৃদ্ধ লোকে বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰিব । স্বাস্থ্য খণ্ডৰ এই বৃহৎ পদক্ষেপ নৱম আয়ুৰ্বেদ দিৱস উপলক্ষে আৰু হিন্দু চিকিৎসা বিজ্ঞানৰ দেৱতা ধন্বন্তৰীৰ জন্ম জয়ন্তী উপলক্ষে আৰম্ভ কৰা হৈছে ।
প্ৰতি বছৰে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিব-
আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (AB PM-JAY)ৰ অধীনত ৭০ বছৰ আৰু তাতকৈ অধিক বয়সৰ সকলো বৃদ্ধ লোকে স্বাস্থ্য কভাৰেজ লাভ কৰিব । এই সুবিধা যিকোনো আয় গোটৰ বয়োজ্যেষ্ঠসকলৰ বাবে উপলব্ধ হ’ব । প্ৰতি বছৰে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিব । ইয়াৰ উপৰিও ইতিমধ্যে আয়ুষ্মান যোজনাৰ সুবিধা লাভ কৰা পৰিয়ালসমূহৰ বৃদ্ধ সদস্যসকলে বছৰি ৫ লাখ টকা পৰ্যন্ত পৃথক চিকিৎসা লাভ কৰিব পাৰিব । ইয়াৰ দ্বাৰা দেশৰ প্ৰায় ৪.৫ কোটি পৰিয়ালৰ ৬ কোটিৰো অধিক বয়োজ্যেষ্ঠ উপকৃত হ’ব । এতিয়ালৈকে এই আঁচনিখনত কম আয়ৰ গোটৰ পৰিয়ালহে অন্তৰ্ভুক্ত কৰা হৈছে, আনহাতে বৃদ্ধসকলৰ বাবে আৰম্ভ কৰা এই আঁচনিখনত আয়ৰ কোনো সীমা নাথাকিব ।
বৃদ্ধসকলে কেনেকৈ লাভ কৰিব বিনামূলীয়া চিকিৎসা ?
এই আঁচনিৰ বাবে বৃদ্ধসকলক বিশেষ আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হ’ব, যিখন পৰিয়ালৰ আয়ুষ্মান পৰিকল্পনাৰ পৰা পৃথক হ’ব । ২৯ অক্টোবৰৰ পৰা এই বিশেষ কাৰ্ড উপলব্ধ হ’বলৈ আৰম্ভ কৰিছে । দিল্লীত আয়োজিত কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে বহু জ্যেষ্ঠক এই কাৰ্ড প্ৰদান কৰে । এই সময়ছোৱাত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাকে ধৰি আন বহু মন্ত্ৰী-বিষয়াও উপস্থিত থাকে । এই আয়ুষ্মান কাৰ্ড বি আই এছ পৰ্টেল https://bis.pmjay.gov.in/ আয়ুস্মান এপৰ জৰিয়তে তৈয়াৰ কৰা হ’ব, ইয়াৰ বাবে বৃদ্ধসকলে আধাৰ কাৰ্ড আৰু KYC আপডেট কৰিব লাগিব । আনহাতে ব্যক্তিগত স্বাস্থ্য বীমা থকা বৃদ্ধসকলে ব্যক্তিগত আৰু আয়ুষ্মান ভাৰত আঁচনিৰ বীমাৰ মাজৰ পৰা এটা বাছনি কৰাৰ বিকল্প থাকিব ।
উল্লেখ্য যে পি এম মোদীয়ে ভাৰতৰ প্ৰথমটো অল ইণ্ডিয়া আয়ুৰ্বেদ ইনষ্টিটিউটৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰে, য’ত পঞ্চকৰ্ম হাস্পতাল, ঔষধ প্ৰস্তুত কৰা আয়ুৰ্বেদিক ফাৰ্মাচী, ক্ৰীড়া চিকিৎসা ইউনিট, কেন্দ্ৰীয় পুথিভঁৰাল, আই টি আৰু ষ্টাৰ্টআপ ইনকিউবেচন চেণ্টাৰ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৫০০ আসনৰ সৈতে এটা প্ৰেক্ষাগৃহ অন্তৰ্ভুক্ত আছে । সেৱা বৃদ্ধি আৰু স্বাস্থ্যসেৱা অধিক সুলভ কৰি তোলাৰ বাবে ড্ৰ’ন প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হ’ব । প্ৰধানমন্ত্ৰী মোডীয়ে ১১ টা তৃতীয় স্তৰৰ স্বাস্থ্য প্ৰতিষ্ঠানত ড্ৰোন সেৱা আৰম্ভ কৰিছিল ।