চেম্পিয়নছ ট্ৰফীৰ আটাইতকৈ চৰ্চিত মেচখন ২৩ ফেব্ৰুৱাৰী, দেওবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব । এই মেচখনৰ বাবে ক্ৰিকেট অনুৰাগীসকলে বহু সময় অপেক্ষা কৰিবলগীয়া হৈছে কাৰণ দুয়োটা দলে আই চি চিৰ ইভেণ্টৰ বাহিৰে কোনো শৃংখলা খেলা নাই । ইফালে এই হাইভল্টেজ মেচখনৰ পূৰ্বে দুয়োটা দলৰ জয়ৰ সম্ভাৱনা কিমান শতাংশ সেই লৈয়ো বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰিছে ।
ৰোহিত শৰ্মাৰ অধিনায়কত্বত টিম ইণ্ডিয়াই এই প্ৰতিযোগিতাৰ প্ৰথমখন খেলত বাংলাদেশক পৰাস্ত কৰে । কিন্তু দলটোৱে আয়োজক পাকিস্তানক সহজভাৱে ল’ব নোৱাৰে কিয়নো প্রথমখন মেচত পৰাস্ত হোৱাৰ পাছত প্রতিযোগিতাখনৰ পৰা বাহিৰ হোৱাৰ উপক্রম হৈছে দলটো ৷ হাইভল্টেজ মেচখনত ৰিজৱানৰ অধিনায়কত্বত পাকিস্তানে জয়ৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব ।
ভাৰত বনাম পাকিস্তানৰ খেলখনত কোন জয়ী হ’ব ?
চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন মেচতশোচনীয়ভাৱে পৰাস্ত হয় পাকিস্তান । নিউজীলেণ্ডৰ হাতত ৬০ ৰানত পৰাস্ত হোৱাৰ পিছত আয়োজক দলৰ নেট ৰানৰ হাৰ আৰু শোচনীয় হৈ পৰিছে (-১.২০০) । পাকিস্তানৰ শক্তি হ’ল দলটোৰ বলিং আক্ৰমণ কিন্তু প্ৰথমখন মেচত তাৰকা বলাৰ শ্বাহীন আফ্ৰিদীয়ে এটাও উইকেট ল’ব নোৱাৰিলে । ভাৰতৰ তুলনাত পাকিস্তানৰ বেটিং লাইনো অতি দুৰ্বল দেখা গৈছে ।
বিৰাট কোহলী আৰু ৰোহিত শৰ্মা ফৰ্মত নথকা সময়তো টিম ইণ্ডিয়াই বিপক্ষক সহজে পৰাস্ত কৰিছে । শুভমন গীল, কে এল ৰাহুলৰ ফৰ্ম বৰ্তমান ভাল । ৰোহিত শৰ্মাও পুনৰ ফৰ্মলৈ ঘূৰি আহিছে । প্ৰথমখন মেচত তাৰেই ইংগিত দিলে হিটমেনে । এনে পৰিস্থিতিত পাকিস্তানৰ বাবে ভাৰতক পৰাস্ত কৰাটো যথেষ্ট কঠিন যেন লাগে । প্ৰথমখন খেলত ভাৰতৰ বলিং আক্ৰমণো উৎকৃষ্ট আছিল । তাৰকা বলাৰ মহম্মদ ছামীয়ে ৫ টা উইকেট দখল কৰে । স্পীনাৰসকলেও উত্তম প্ৰদৰ্শন আগবঢ়োৱা পৰিলক্ষিত হৈছে ।
২৩ ফেব্ৰুৱাৰী, দেওবাৰে অনুষ্ঠিত হ’বলগীয়া খেলখনত ভাৰত জয়ী হোৱাৰ সম্ভাৱনা ৮৫ শতাংশ । চেম্পিয়নছ ট্ৰফীত পাকিস্তানে ভাৰতক পৰাস্ত কৰাৰ সম্ভাৱনা মাত্ৰ ১৫ শতাংশ ।
ভাৰতৰ সাম্ভাব্য মূল একাদশ-
ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল (উইকেটকীপাৰ), অক্ষৰ পেটেল, ৰবীন্দ্ৰ জা়েজা, হাৰ্দিক পাণ্ডিয়া, কুলদীপ যাদৱ, মহম্মদ ছামী আৰু হৰ্ষিত ৰাণা ।