ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা দা ছিলভাই দেওবাৰে ব্ৰিকছ সন্মিলনৰ বাবে ৰাছিয়া ভ্ৰমণ বাতিল কৰে । বাসগৃহত পৰি তেওঁৰ মূৰত আঘাত পোৱাৰ ফলত মগজুৰ মৃদু ৰক্তক্ষৰণ হয় । সেয়েহে তেওঁক দীঘলীয়া দূৰত্বৰ যাত্ৰা নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে । ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে লুলা দা চিলভাই এতিয়া ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব ।
দেওবাৰে সন্ধিয়া ৫ বজাত ৰাছিয়ালৈ ৰাওনা হোৱাৰ কথা আছিল ৰাষ্ট্ৰপতিগৰাকী । তেওঁৰ চিকিৎসকে কয় যে পৰি যোৱাৰ বাবে ৰাষ্ট্ৰপতিগৰাকীৰ মূৰৰ পিছফালে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । ইয়াৰ বাবে তেওঁক চিলাই কৰিবলগীয়া হয়, যাৰ বাবে তেওঁৰ মগজুৰ মৃদু ৰক্তক্ষৰণ হৈছিল ।

চিকিৎসকে কয়, “এইটো এনে এক পৰিস্থিতি যাৰ বাবে এই গোটেই সপ্তাহটোত তেওঁৰ পৰীক্ষা কৰা হ’ব । আগন্তুক দিনত যিকোনো ধৰণৰ মগজুৰ ৰক্তক্ষৰণ বিপদজনক প্ৰমাণিত হ’ব পাৰে, সেয়েহে নিৰীক্ষণ কৰা প্ৰয়োজন ।” চিকিৎসকে আৰু উল্লেখ কৰে যে ৰাষ্ট্ৰপতিগৰাকী সুস্থ হৈ আছে আৰু স্বাভাৱিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ সক্ষম হ’ব পাৰে । দেওবাৰে জাৰী কৰা চিকিৎসা প্ৰতিবেদন অনুসৰি, ৰাষ্ট্ৰপতিয়ে শনিবাৰে তেওঁৰ মূৰৰ পিছফালে আঘাত পাইছিল । তেওঁক দীঘলীয়া বিমান যাত্ৰা পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে । ইয়াৰ বাহিৰেও ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ নিয়মীয়া দায়িত্ব পালন কৰিবলৈ সম্পূৰ্ণৰূপে সক্ষম ।”
এই ঘটনাৰ পিছত চৰকাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত জনায় যে ৰাষ্ট্ৰপতি লুলাৰ পৰিৱৰ্তে বৈদেশিক মন্ত্ৰী মাউৰো ভিয়েৰাই ব্ৰিকছ সন্মিলনত ব্ৰাজিলৰ প্ৰতিনিধি দলৰ নেতৃত্ব দিব । দেওবাৰে, তেওঁলোকে ৰাছিয়ালৈ ৰাওনা হয় । লুলাৰ ৱৰ্কৰ্ছ পাৰ্টিৰ সভাপতি গ্লিচিয়ে কয় যে তেওঁ ৰাষ্ট্ৰপতিৰ সৈতে কথা পাতিছিল । তেওঁ বৰ্তমান সুস্থ আছে আৰু দীঘলীয়া ভ্ৰমণ পৰিহাৰ কৰিছে ।
ব্ৰিকছ শীৰ্ষ সন্মিলন কি ?
ব্ৰিকছত ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আমেৰিকা অন্তৰ্ভুক্ত । শেহতীয়াকৈ ইজিপ্ত, ইথিওপিয়া, ইৰাণ, চৌদি আৰব আৰু সংযুক্ত আৰব আমিৰশ্বাহী ব্ৰিকছৰ সদস্য হৈ পৰিছে । সদস্য সংখ্যা বৃদ্ধিৰ লগে লগে ব্ৰিকছ বিশ্বৰ ৪৫% জনসংখ্যা আৰু ২৮% অৰ্থনীতিক প্ৰতিনিধিত্ব কৰা এটা সংস্থাত পৰিণত হৈছে ।