দুৰ্গা পূজাৰ বাবে গুৱাহাটী মহানগৰ জিলা প্ৰশাসন আৰু যান-বাহন বিভাগে জাৰি কৰিছে বিভিন্ন নিষ্ধাজ্ঞা তথা নিৰ্দেশনা । পূজাৰ সময়ছোৱাত জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্ৰশাসনে এইসমূহ নিৰ্দেশনা জাৰি কৰিছে । জানক এই নিৰ্দেশনাসমূহ-
-সামগ্ৰী কঢ়িওৱা বাণিজ্যিক বাহন পুৱা ৪ বজাৰ পৰা ১২ বজালৈহে চলাচল কৰিব পাৰিব । গণেশ মন্দিৰ দিশৰ পৰা গণেশগুৰি উৰণ সেতুলৈকে পথছোৱা ওৱান ৱে হ’ব । লগতে জু-ৰোডৰ ফালৰ পৰা গণেশ মন্দিৰলৈকে প্ৰৱেশ কৰিব নোৱাৰিব কোনো যান-বাহন ।
-চাৰ্ভিছ ৰোডৰ পৰা জু-ৰোডলৈকে চলাচল কৰিব নোৱাৰিব কোনো বাহন । বেলতলা তিনিআলিৰ পৰা জয়ানগৰৰ চাৰিআলি দিশলৈ পথছোৱা হ’ব ওৱান ৱে । জয়ানগৰ চাৰিআলি দিশৰ পৰা বেলতলা তিনিআলি দিশলৈ চলাচল কৰিব নোৱাৰিব কোনো বাহন । বেলতলা তিনিআলি দিশৰ পৰা ভেটাপাৰা চাৰিআলিলৈ ওৱান ৱে হ’ব পথছোৱা । এই পথেৰে চলাচল কৰিব নোৱাৰিব কোনো যান-বাহন ।
-ড০ বি. এন. শইকীয়া ৰোডত চলাচল কৰিব নোৱাৰিব কোনো বাহন । AG অফিচৰ পৰা সৌৰভ নগৰলৈ ওৱান ৱে হ’ব পথছোৱা । ত্ৰিপুৰা গলিৰ পৰা সৌৰভ নগৰলৈ চলাচল কৰিব নোৱাৰিব কোনো বাহন । ত্ৰিপুৰা গলিত এটা ফালেহে যান-বাহন ৰখাব পাৰিব ।
-বশিষ্ঠ চাৰিআলিৰ পৰা বেলতলা তিনিআলিলৈ প্ৰৱেশ কৰিব নোৱাৰিব কোনো যান-বাহন । ফটাশিল চাৰিআলি, ৰেলৱে গেট নং ৬, ৭, ৮ আৰু সতী জয়মতী ৰোডৰ পৰা কুমাৰপাৰা পাঁচআলি দিশলৈ চলাচল কৰিব নোৱাৰিব যান-বাহন ।
-চাবিপুলৰ পৰা বিষ্ণুপুৰ আৰু ফটাশিল চাৰিআলিলৈ যান-বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । অৱশ্যে ফটাশিল চাৰিআলিৰ পৰা চাবিপুললৈ এটা পথেৰে চলাচল কৰিব পাৰিব বাহন ।
-আৰ.কে. চৌধুৰী ৰোডৰ পৰা কে.আৰ.চি.ৰোডলৈ বাহন চলাচলত নিষেধাজ্ঞা জাৰি । এ.টি ৰোড, দীনেশ গোস্বামী ৰোড আৰু আৰ. কে. চি ৰোডত ৰখাব নোৱাৰিব বাহন । শ্লুইচ গেটৰ পৰা প্ৰাগজ্যোতিষ কলেজ দিশলৈ প্ৰৱেশ কৰিব নোৱাৰিব বাহন ।
-বিষ্ণুপুৰ ব্ৰীজৰ পৰা চাইকেল ফেক্টৰীৰ দিশলৈ বাহন চলাচলত নিষেধাজ্ঞা । হাৰিয়ানা ভৱনৰ পৰা ফটাশিল চাৰিআলি দিশলৈ চলাচল কৰিব নোৱাৰিব বাহন । ফটাশিল চাৰিআলিৰ পৰা কুমাৰপাৰা পাঁচআলিলৈ চলাচল কৰিব নোৱাৰিব বাহন ।
-পল্টনবজাৰ, পাণবজাৰ, ফটাশিল আৰু ভৰলুমুখৰ পৰা জালুকবাৰী দিশলৈ চলাচল কৰিব নোৱাৰিব মালবাহী যান-বাহন । শদিলাপুৰ দিশৰ পৰা পাণ্ডু ঘাটলৈও একেই থাকিব নিৰ্দেশনা । আদাবাৰী তিনিআলিৰ পৰা পাণ্ডু ঘাটলৈ দুচকীয়া বাহন, তিনিচকীয়া বাহন এটা পথেৰে চলাচল কৰিব পাৰিব ।
-মালিগাঁও চাৰিআলিৰ পৰা পাণ্ডুঘাট দিশলৈ চলাচল কৰিব নোৱাৰিব বাহন । আদাবাৰী তিনিআলিৰ পৰা পাণ্ডুঘাটলৈ দুৰ্গাৰ প্ৰতিমা কঢ়িওৱা বাহনহে চলাচল কৰিব পাৰিব । নামনি অসমৰ পৰা অহা যাত্ৰীবাহী বাহন ISBT লৈ আহিব পাৰিব । বিয়লি ২ বজাৰ পৰা নিশা ২ বজালৈ প্ৰযোজ্য হ’ব এই নিয়ম । ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈকে বাহাল থাকিব এই নিৰ্দেশনা ।