প্ৰগতি যাত্ৰাৰ দ্বিতীয় পৰ্যায়ত শনিবাৰে গোপালগঞ্জত উপস্থিত হোৱা মুখ্যমন্ত্ৰী নীতিশ কুমাৰে চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাইছে । গোপালগঞ্জত উন্নয়নমূলক আঁচনিসমূহৰ পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে আমি ভুলতে দুবাৰকৈ ইয়াৰ পৰা তালৈ গুচি আহিছিলো, এতিয়া আমি সদায় একেলগে থাকিম আৰু বিহাৰৰ সমান্তৰালভাৱে দেশৰো উন্নয়ন কৰিম । মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ এই বক্তব্যৰ পিছত ৰাজনৈতিক মহলত চলি থকা জল্পনা-কল্পনাৰ অন্ত পৰিছে ।
‘আমি বিহাৰক আগুৱাই লৈ গৈ আছো’
ইয়াৰ পূৰ্বে হিন্দু-মুছলমানৰ মাজত বিবাদৰ খবৰ আহিছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় । বিহাৰৰ ৰাইজে যেতিয়া আমাক কাম কৰাৰ সুযোগ দিলে তেতিয়া বিহাৰৰ অৱস্থা সলনি হৈছে । প্ৰতিটো ক্ষেত্ৰতে উন্নয়নৰ কাম চলি আছে । কাৰো বিৰুদ্ধে কোনো ধৰণৰ বৈষম্য হোৱা নাই । আমি একেলগে বিহাৰক অবিৰতভাৱে আগুৱাই লৈ গৈ আছো । বিহাৰৰ কোনো অঞ্চল উন্নয়নৰ অস্পৃশ্য নহয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে । শিক্ষা, স্বাস্থ্য, ৰাস্তা-ঘাট, দলং আৰু কালভাৰ্টৰ ক্ষেত্ৰত আমি বহু কাম কৰিছো যাৰ বাবে আগতে বিহাৰৰ যিকোনো কোণৰ পৰা মানুহ ছয় ঘন্টাত পাটনা পোৱা গৈছিল, এতিয়া পাঁচ ঘন্টালৈ হ্ৰাস হৈছে । ইয়াৰ বাবে সম্ভৱপৰ সকলো প্ৰচেষ্টা চলোৱা হৈছে ।
২০২০ চনলৈকে আমি আঠ লাখ লোকক চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰি দিলোঁ বুলি মুখ্যমন্ত্ৰী কুমাৰে কয় । ইয়াৰ পিছত আমি ১০ লাখ লোকক চৰকাৰী চাকৰি দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিলোঁ, যিটো ১২ লাখলৈ বৃদ্ধি কৰা হৈছে । এতিয়ালৈকে ৯ লাখ লোকক চৰকাৰী চাকৰি দিয়া হৈছে । ইয়াৰ বাহিৰেও ১০ লাখ লোকক কৰ্মসংস্থাপন প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল । এতিয়ালৈকে ২৪ লাখ লোকক কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰা হৈছে । ২০২৫ চনত ১২ লাখ লোকক চৰকাৰী চাকৰি আৰু ৩৪ লাখ লোকক কৰ্মসংস্থাপন প্ৰদান কৰা হ’ব ।
মুখ্যমন্ত্ৰীয়ে কৰা বহু কামৰ হিচাপ দিলে-
লগতে সকলো শ্ৰেণীৰ উত্থানৰ বাবে কাম কৰা বুলিও কয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰে । মাদ্ৰাছাক চৰকাৰী স্বীকৃতি দিয়া হৈছে । আমি বিহাৰত জাতি ভিত্তিক লোকপিয়ল কৰিছো য’ত প্ৰতিটো জাতিৰ অন্তৰ্গত ৯৪ লাখ দৰিদ্ৰ পৰিয়াল চিনাক্ত কৰা হৈছে । এনে দৰিদ্ৰ পৰিয়ালক প্ৰতিটো পৰিয়ালত ২ লাখ টকাৰ আৰ্থিক সাহায্য দিয়া হৈছে যাতে তেওঁলোকে জীৱিকা উপাৰ্জন কৰিব পাৰে । মুখ্যমন্ত্ৰী নীতিশ কুমাৰে গোপালগঞ্জত প্ৰায় ১৪০ কোটি টকা ব্যয় সাপেক্ষে ৭২টা উন্নয়নমূলক আঁচনিৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে । ইয়াৰে ৬১খন আঁচনিৰ ৭১.৬৯ কোটি টকা ব্যয় সাপেক্ষে উদ্বোধন কৰাৰ বিপৰীতে ৬৭.৩৩ কোটি টকা ব্যয় সাপেক্ষে ১১খন আঁচনিৰ আধাৰশিলা স্থাপন কৰে ।