দুদিনীয়া ভ্ৰমণসূচীৰে বুধবাৰে সন্ধিয়া (স্থানীয় সময়) আমেৰিকাত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী । তেওঁক আদৰিবলৈ আমেৰিকাত বসবাস কৰা ভাৰতীয়সকলৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি হৈছিল । বৃহৎ সংখ্যক লোকে তেওঁক সাক্ষাৎ কৰিবলৈ আহিছিল । এনে পৰিস্থিতিত এই প্ৰবাসী ভাৰতীয়সকলৰ মৰম দেখি প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰে ।
প্ৰধানমন্ত্ৰী মোদীয়ে ‘এক্স’ত লিখিছে, ‘শীতকালৰ মাজত এক উষ্ম আদৰণি ! ঠাণ্ডা বতৰৰ মাজতো ৱাশ্বিংটন ডি চিৰ ভাৰতীয় প্ৰবাসীসকলে মোক অতি বিশেষ আদৰণি জনাইছে । তেওঁলোকৰ প্ৰতি মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো ।
ফ্ৰান্সৰ পিছত আমেৰিকা ভ্ৰমণলৈ গৈছে প্ৰধানমন্ত্ৰী মোদী । এই সময়ছোৱাত তেওঁ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে বৈঠকত মিলিত হ’ব । লগতে তেওঁ লগ পাব প্ৰখ্যাত ব্যৱসায়ী ইলন মাস্কক । ট্ৰাম্প দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি পদলৈ ঘূৰি অহাৰ পিছত এইটোৱেই হৈছে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম আমেৰিকা ভ্ৰমণ ।
Landed in Washington DC a short while ago. Looking forward to meeting @POTUS Donald Trump and building upon the India-USA Comprehensive Global Strategic Partnership. Our nations will keep working closely for the benefit of our people and for a better future for our planet.… pic.twitter.com/dDMun17fPq
— Narendra Modi (@narendramodi) February 13, 2025
‘আমি উন্নত ভৱিষ্যতৰ বাবে কাম কৰিম’
বুধবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী মোদী ৱাশ্বিংটন ডি চিত উপস্থিত হোৱাৰ লগে লগে বিমানবন্দৰত তেওঁৰ বিশেষ আদৰণিৰ প্ৰস্তুতি সম্পূৰ্ণ হয় । এই আদৰণিৰ ছবিসমূহ শ্বেয়াৰ কৰি তেওঁ লিখিছে, ‘মই এইমাত্ৰ ৱাশ্বিংটন ডি চিত উপস্থিত হৈছো । মই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক লগ কৰিবলৈ আৰু ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত বিশ্বব্যাপী কৌশলগত অংশীদাৰীত্ব আগবঢ়াবলৈ আগ্ৰহী । দুয়োখন দেশে নিজৰ লোক আৰু তেওঁলোকৰ ভূমিৰ উন্নত ভৱিষ্যতৰ বাবে একেলগে কাম কৰি যাব ।‘