উৎসৱৰ বতৰ চলি আছে, সেয়েহে সকলোৱে নিজৰ ছালখন জিলিকি থকাটো বিচাৰে।ছালখনৰ বাবে মানুহে ব্যয়বহুল প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰে আৰু কিছুমান লোকে ইয়াৰ বাবে প্ৰাকৃতিক বস্তুও ব্যৱহাৰ কৰে।যদি আপুনিও উৎসৱৰ বতৰত ছালখন উজ্জ্বল কৰিব বিচাৰে, তেনেহ’লে আপুনি চন্দন, কেশৰ, তুলসী বা অন্যান্য আয়ুৰ্বেদিক উপাদানেৰে ফেচ পেক প্ৰস্তুত কৰিব পাৰে। ই আপোনাৰ মুখখন প্ৰাকৃতিকভাৱে উজ্জ্বল কৰি তুলিব। এই ফেচ পেক সমূহ কেনেকৈ বনাব লাগে জানো আহক-
১) চন্দনৰ ফেচপেক- চন্দন এনে এক উপকাৰী আৰু আয়ুৰ্বেদিক সামগ্ৰী যিয়ে ছালখনৰ গুণাগুণ উন্নত কৰে।লগতে চন্দনৰ ফেচপেকে অসমান বৰণ উন্নত কৰা, মুখত থকা দাগ কম কৰা, সূৰ্যৰ ৰশ্মিৰ ফলত হোৱা ক্ষতিৰ চিকিৎসা কৰাত সহায় কৰে। ই শালমইনা সৃষ্টিকাৰী বেক্টেৰিয়াৰ সৈতে যুঁজিবলৈও সহায় কৰে।
২) নিমৰ ফেচপেক- নিমৰ এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগাল গুণ আছে যি আপোনাৰ মুখখন শালমইনাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰিব। এক চামুচ বেচন, কেইটোপালমান মৌ এক আৰু চামুচ নিমৰ ৰসত মিহলি কৰি মুখত লগাব। ৫ মিনিটৰ পিছত ঠাণ্ডা পানীৰে সেই পেক ধুই পেলাওক। এনে কৰিলে ছালখন উজ্জ্বল হ’ব।
৩) এলোভেৰাৰ ফেচ পেক-এলোভেৰা জেল হৈছে এক প্ৰাকৃতিক ময়েশ্চাৰাইজাৰ যি আপোনাৰ ছালখনক ৰাতিটোৰ ভিতৰতে সলনি কৰিব।এক চামুচ এলো ভেৰা জেলৰ সৈতে এক চামুচ তিয়ঁহৰ পেষ্ট মিহলি কৰক। এই মিশ্ৰণটো আপোনাৰ পৰিষ্কাৰ কৰা মুখত প্ৰয়োগ কৰক। ই ছানবাৰ্নৰ সমস্যাৰ দূৰ কৰিব।