অৰুণাচলৰ দুৰ্গম অঞ্চলত ড্ৰোনৰ জৰিয়তে চিঠি প্ৰেৰণৰ প্ৰকল্পৰ সম্ভাৱনীয়তা জানিবলৈ ডাক বিভাগে পদক্ষেপ গ্ৰহণ কৰিছে । বিভাগটোৱে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে ‘প্ৰুফ অৱ কনচেপ্ট’ (পি অ’ চি) অৰ্থাৎ প্ৰকল্পটোৰ সম্ভাৱনীয়তাৰ সমৰ্থনত প্ৰমাণ সংগ্ৰহৰ লক্ষ্যৰে আৰম্ভ কৰা পদক্ষেপৰ সফল পৰিচালনাৰ ওপৰত বিভাগটোৱে চিঠি প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিব আৰু অন্যান্য কঠিন আৰু পাহাৰীয়া অঞ্চলত অন্যান্য সামগ্ৰীৰ বাবে ড্ৰোনৰ ব্যৱহাৰ সম্প্ৰসাৰণ কৰিব । পি অ’ চি পৰিচালনাৰ বাবে স্কাই এয়াৰ মবিলিটিৰ সৈতে ডাক বিভাগে চুক্তিত স্বাক্ষৰ কৰিছে ।‘
ড্ৰোনৰ জৰিয়তে চিঠি প্ৰেৰণৰ কৰিবলৈ আৰম্ভ হৈছিল পি অ’ চি-
বিবৃতিটোত কোৱা হৈছে, “কুৰিয়াৰ এক্সপ্ৰেছ আৰু পাৰ্চেল বজাৰৰ শেহতীয়া উন্নয়নৰ সৈতে সংগতি ৰাখি ২১ অক্টোবৰ, ২০২৪ তাৰিখে অৰুণাচল প্ৰদেশৰ নামচাই আৰু লোহিত জিলাত অৱস্থিত চৌখাম ডাকঘৰ আৰু নামচাইৰ ৱাক্ৰো শাখা ডাকঘৰৰ মাজত ড্ৰোনৰ জৰিয়তে পত্ৰ বিতৰণৰ বাবে ডাক বিভাগে পিঅ’চি আৰম্ভ কৰিছিল ।”
আঢ়ৈ ঘণ্টাৰ পথ মিনিটতে উপস্থিত হয়-
বিবৃতিটোত কোৱা হৈছে যে উভতি অহাৰ যাত্ৰাত, ড্ৰোনে ৱাক্ৰো শাখাৰ ডাকঘৰৰ পৰা পুৱা ১১.৪৪ বজাত উৰা মাৰিছিল আৰু দুপৰীয়া ১২.০৮ বজাত চৌখাম ডাকঘৰত উপস্থিত হৈছিল । ৱাক্ৰো শাখা ডাকঘৰ চৌখাম ডাকঘৰৰ পৰা ৪৫ কিলোমিটাৰ দূৰত্বত আছে । পাহাৰীয়া অঞ্চলৰ বাবে, চৌখাম ডাকঘৰ আৰু ৱাক্ৰো শাখাডাকঘৰৰ মাজত ডেলিভাৰী সময় প্ৰায় আঢ়ৈ ঘণ্টা, কিয়নো অৰুণাচল প্ৰদেশ ৰাজ্যিক পৰিবহন সেৱাৰ বাছ যোগে চিঠি আৰু অন্যান্য পাৰ্চেল পৰিবহন কৰা হয় ।
পৰিৱেশ-অনুকূল ড্ৰোনৰ জৰিয়তে চিঠি বিতৰণ কৰি দুয়োটা স্থানৰ মাজত বিতৰণৰ সময় ২২-২৪ মিনিটলৈ হ্ৰাস কৰা হৈছে । বিবৃতি অনুসৰি, ডাক বিভাগে এই প্ৰকল্পটোৰ সফল পৰিচালনাৰ ক্ষেত্ৰত অন্যান্য কঠিন আৰু পাহাৰীয়া অঞ্চললৈ চিঠি আৰু পাৰ্চেল বিতৰণ কৰিবলৈ ড্ৰোনৰ ব্যৱহাৰ সম্প্ৰসাৰিত কৰিব ।