বিহাৰৰ অন্যতম প্ৰধান ৰে’ল ষ্টেচন গয়া ষ্টেচনৰ পুনৰ উন্নয়নৰ কাম এতিয়া চূড়ান্ত পৰ্যায়ত । এই কথালৈ লক্ষ্য ৰাখি ৰে’লৱেই আগন্তুক ৪৫ দিনৰ বাবে বহু ৰে’লৰ চলাচলত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন কৰিছে ।
ষ্টেচনটোৰ পুনৰ উন্নয়নৰ কাম দ্ৰুত গতিত চলি থকাৰ পৰিপ্ৰেক্ষিতত দনাপুৰৰ ডি আৰ এম-এ জনাইছে যে বিহাৰৰ গৌৰৱ – গয়া ষ্টেচনৰ পুনৰ উন্নয়নৰ কাম এতিয়া চূড়ান্ত পৰ্যায়ত আছে । ইয়াৰ পৰিপ্ৰেক্ষিতত বহু ৰে’ল শ্বৰ্ট টাৰ্মিনেটেড হ’ব আৰু অন্য পথেৰে চলিব ।
দনাপুৰৰ ডি আৰ এম আধাৰ ৰাজে আৰু কয় যে গয়া ষ্টেচনৰ টিকট বুকিং কৰাৰ আগতে নিশ্চিতভাৱে শ্বৰ্ট টাৰ্মিনেচন, বাতিল বা ডাইভাৰচনৰ বাবে পৰীক্ষা কৰক । বিহাৰৰ গৌৰৱ চাবলৈ হ’লে ৪৫ দিনৰ বাবে সামান্য মূল্য পৰিশোধ কৰিব লাগিব ।
ষ্টেচন পুনৰ উন্নয়ন প্ৰকল্পৰ অধীনত গয়া ষ্টেচন উন্নয়নৰ বাবে প্ৰায় ৩০০ কোটি টকা ব্যয় কৰা হ’ব । চলিত বৰ্ষৰ শেষৰ ফালে উন্নয়নৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । পুনৰ উন্নয়নৰ পিছত যাত্ৰীসকলে এই ষ্টেচনত বিমানবন্দৰৰ দৰে বিশ্বমানৰ সুবিধা লাভ কৰিব ।
পুনৰ উন্নয়নৰ পিছত যেতিয়া গয়া ষ্টেচন মুকলি কৰা হ’ব, তেতিয়া যাত্ৰীসকল থাকিবলৈ অতিৰিক্ত ৬৪০০ বৰ্গমিটাৰ ৱেটিং হল থাকিব । ষ্টেচনত মুঠ ২৩টা লিফ্ট আৰু ১১টা এস্কেলেটৰৰ ব্যৱস্থা থাকিব । ইয়াৰ উপৰিও টিকট বুকিঙৰ বাবে অতিৰিক্ত কাউণ্টাৰো থাকিব ।