আমেৰিকাৰ পৰা প্ৰত্যাৰ্পণ কৰা ২৬/১১ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ অভিযুক্ত তাহাবুৰ হুছেইন ৰানাক আজি আমেৰিকাৰ পৰা এখন বিশেষ বিমানেৰে ভাৰতলৈ অনা হৈছে । বৃহস্পতিবাৰে বিয়লি দিল্লীত উপস্থিত হোৱাৰ পিছত ৰানাক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰিব ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই । ইয়াৰ পিছত ৰানাক ৰাজধানীৰ তিহাৰ কাৰাগাৰত ৰখা হ’ব, য’ত নিৰাপত্তাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে । ইয়াৰ পূৰ্বে ৰানাক দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টত হাজিৰ কৰোৱা হ’ব, য’ত এন আই এয়ে অভিযুক্তক জিম্মাত ৰখাৰ দাবী কৰিব ।
তথ্য অনুসৰি নিৰাপত্তা সংস্থাৰ পৰামৰ্শ মতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এন আই এৰ বিশেষ ন্যায়াধীশৰ সন্মুখত ৰানাক হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে । সূত্ৰ অনুসৰি যদি ভাৰ্চুৱেল হাজিৰ সম্ভৱ নহয় তেন্তে মহাবীৰ জয়ন্তীৰ বাবে আদালত বন্ধ হৈ থকাৰ বাবে বিশেষ ন্যায়াধীশৰ বাসগৃহত অভিযুক্তটোক শাৰীৰিকভাৱে হাজিৰ কৰাৰ সম্ভাৱনা আছে ।
আদালতৰ প্ৰস্তুতি আৰু গোচৰ হস্তান্তৰ-
এই হাই-প্ৰফাইল গোচৰৰ শুনানি হ’ব দিল্লীৰ বিশেষ NIA আদালতত । ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত পাটিয়ালা হাউছ ক’ৰ্টে মুম্বাই আক্ৰমণৰ সৈতে জড়িত বিচাৰৰ ৰেকৰ্ড চমন কৰিছিল । এই সিদ্ধান্ত NIAৰ আবেদনৰ ওপৰত লোৱা হৈছে য’ত মুম্বাইৰ পৰা দিল্লীলৈ সকলো গোচৰৰ ৰেকৰ্ড হস্তান্তৰ কৰিবলৈ দাবী জনোৱা হৈছিল । এতিয়া যিহেতু এই গোচৰৰ শুনানি দিল্লীত হ’ব, গতিকে ৰানাক মুম্বাইলৈ লৈ যোৱা নহ’ব ।
তহবুৰ ৰানা পাকিস্তান সেনাৰ প্ৰাক্তন অধিনায়ক আৰু কানাডাৰ এজন ব্যৱসায়ী । আমেৰিকাত থকা নিজৰ ইমিগ্ৰেচন ফাৰ্মৰ অপব্যৱহাৰ কৰি ২৬/১১ আক্ৰমণৰ সহ-ষড়যন্ত্ৰকাৰী ডেভিদ হেডলীক ভুৱা নথি-পত্ৰ প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে । ২০০৮ চনৰ নৱেম্বৰ মাহত ৰানাই নিজেই মুম্বাই ভ্ৰমণ কৰিছিল । পৱাইৰ ৰেনেছাঁ হোটেলত থাকি ৰানাই আক্ৰমণৰ বাবে লজিষ্টিক প্ৰস্তুতিৰ পৰ্যালোচনা কৰা বুলি কোৱা হয় ।
প্ৰত্যাৰ্পণৰ দীঘলীয়া যুদ্ধ-
ভাৰতে ২০১৮ চনত ৰানাক প্ৰত্যাৰ্পণৰ দাবী কৰিছিল । ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আনুষ্ঠানিকভাৱে ৰানাক ভাৰতলৈ প্ৰত্যাৰ্পণৰ কথা ঘোষণা কৰিছিল । যদিও ৰানাই আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত এই বিষয়ত স্থগিতাদেশ বিচাৰিছিল, তথাপিও এই আবেদন নাকচ কৰা হৈছিল । এতিয়া ৰানাৰ ওপৰত এন আই এৰ বিশেষ আদালতত বিচাৰ চলিব আৰু ২০০৮ চনত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে ন্যায়ৰ কঠগড়াত থিয় কৰোৱা হ’ব, য’ত ১৬৬ জন নিৰীহ লোকৰ প্ৰাণ গৈছিল ।