সামাজিক মাধ্যমত শেহতীয়াকৈ চৰ্চাত আছে জ’মাট’ৰ মুখ্য কাৰ্যবাহী বিষয়া দীপিন্দৰ গোৱেলে। শেহতীয়াকৈ, দীপিন্দৰ গোৱেলে তেওঁৰ পত্নী গ্ৰেচিয়া মুনোজৰ সৈতে এদিনৰ বাবে ডেলিভাৰি বয় হিচাপে কাম কৰা দেখা গৈছিল। সামাজিক মাধ্যমত তেওঁলোকৰ কিছুমান ভিডিঅ’ আৰু ফটো ভাইৰেল হৈ পৰিছে যিয়ে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে।ফটোত দুয়োৱে ডেলিভাৰী বয়ৰ সাজ পৰিধান কৰি থকা দেখিবলৈ পোৱা গৈছে । সেই সময়ৰ কিছু অভিজ্ঞতাৰ কথা বৰ্ণনা কৰি দীপিন্দৰ গোৱেলৰ পত্নী গ্ৰেচিয়া মুনোজে সামাজিক মাধ্যমত লিখিছে যে গুৰুগ্ৰামৰ এটা শ্বিপং ম’লত খাদ্য দিবলৈ যাওঁতে তেওঁলোকক ম’লটোৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল ।স্বপিং ম’লটোত থকা সুৰক্ষা কৰ্মীয়ে তেওঁলোকক প্ৰৱেশ কৰিবলৈ নিদিয়াত গ্ৰেচিয়া মুনোজে প্ৰশ্ন কৰিছিল যে ডেলিভাৰী বয়ক ম’লটোৰ লিফ্ট ব্যৱহাৰ কৰিবলৈ দিয়া নহয় নেকি। অৱশেষত, তেওঁলোকে তৃতীয় মহলাত থকা ৰেষ্টুৰেণ্টখনলৈ চিৰিৰে যাব লগা হৈছিল।