পুনৰ আকাশলংঘী হৈছে পিঁয়াজৰ দাম । ইফালে পিঁয়াজৰ দৰ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা চলাইছে চৰকাৰে । ইয়াৰ বাবে শেহতীয়াকৈ চৰকাৰে বাফাৰ ষ্টকৰ পৰা মুকলি বজাৰত পিঁয়াজ যোগান ধৰিছিল যাতে দৰ নিয়ন্ত্ৰণ কৰিব পৰা যায় । ইয়াৰ উপৰিও চৰকাৰে এন চি চি এফ আৰু নেফেড (NAFED)ৰ জৰিয়তেও কম মূল্যত পিঁয়াজ বিক্ৰী কৰিছিল, যাতে পিঁয়াজৰ বৰ্ধিত মূল্য বন্ধ কৰিব পৰা যায় । এতিয়া চৰকাৰে মঙলবাৰে কয় যে পিঁয়াজৰ মূল্যৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু অস্থায়ী যোগানৰ বাধাৰ মাজতে মূল্য সুস্থিৰ কৰিবলৈ খুচুৰা বজাৰত বাফাৰ ষ্টকৰ পৰা অধিক পিঁয়াজ মুকলি কৰিব ।
ৰাজধানীত পিয়াঁজৰ খুচুৰা দৰ প্ৰতি কেজিত ৬৭ টকা-
চৰকাৰী তথ্য অনুসৰি, ৰাজধানীত পিয়াজৰ খুচুৰা মূল্য প্ৰতি কিলোগ্ৰামত ৬৭ টকা, আনহাতে ৰাষ্ট্ৰীয় গড় খুচুৰা মূল্য হৈছে প্ৰতি কিলোগ্ৰামত ৫৮ টকা । এক চৰকাৰী বিবৃতিত কোৱা হৈছে, ‘উৎসৱৰ বতৰ আৰু বজাৰ বন্ধ হোৱাৰ বাবে, অস্থায়ী অভাৱ দূৰ কৰিবলৈ যোৱা ২-৩ দিনত কিছুমান বজাৰত পিয়াজৰ যোগান অস্থায়ীভাৱে বৃদ্ধি কৰা হৈছে ।’ সমবায় সংগঠন নাফেডে এই সপ্তাহত দিল্লী-এন চি আৰৰ বাবে দুটা ৰেক আৰু গুৱাহাটীৰ বাবে এটা ৰেক ক্ৰয় কৰিছে । একেদৰে, বজাৰত পিঁয়াজৰ উপলব্ধতা নিশ্চিত কৰিবলৈ, পথ পৰিবহনৰ জৰিয়তে চালান বৃদ্ধি কৰা হ’ব ।
চৰকাৰে মূল্য স্থিৰ কৰিবলৈ উপযুক্ত পদক্ষেপ গ্ৰহণ কৰি আছে-
পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ, দিল্লী আদিৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে শোনিপতৰ শীতল ভঁৰালত সঞ্চিত পিঁয়াজ মুকলি কৰাৰ সিদ্ধান্তও লোৱা হৈছে । এক বিবৃতিত কোৱা হৈছে, ‘চৰকাৰ বজাৰৰ ঘটনাৰ বিষয়ে অৱগত আৰু পিঁয়াজৰ মূল্য স্থিৰ কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি আছে ।’ ইফালে, চৰকাৰে লগতে উল্লেখ কৰে যে বজাৰত মূল্য হ্ৰাস হোৱাৰ লগতে বিলাহীৰ খুচুৰা মূল্য হ্ৰাস পাইছে ।