ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে কয় যে ৩ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ সংযুক্ত আৰব আমিৰশ্বাহীত অনুষ্ঠিত হ’বলগীয়া আই চি চি মহিলা টি-২০ বিশ্বকাপৰ বাবে দলটোৱে কঠোৰ পৰিশ্ৰম কৰি আছে ।
অধিনায়কগৰাকীয়ে কয় “প্ৰতিদিনে মই গৈ আছো আৰু প্ৰতিখন খেলৰ পৰা শিকিছো আৰু অভিজ্ঞতা লাভ কৰিছো । মোৰ চৌপাশৰ মানুহে মোক সহায় কৰি আছে, তেওঁলোকে আমাৰ দলটোক সেই স্তৰলৈ যাবলৈ কঠোৰ পৰিশ্ৰম কৰি আছে য’ত আমি থাকিব বিচাৰো । আমাৰ দলটোৱে কঠোৰ পৰিশ্ৰম কৰি আছে ।“
নিউজীলেণ্ডৰ অধিনায়ক ছফী ডেভিনে কয় যে “আমাৰ হাতত বহু যুৱ ফাষ্ট বলাৰ আছে । যোৱা ১২ৰ পৰা ১৮ মাহত তেওঁলোকৰ ব্যাপক বিকাশ হৈছে, গতিকে তেওঁলোকে কেনেধৰণৰ প্ৰদৰ্শন আগবঢ়াব সেয়া চাবলৈ মই নিশ্চিতভাৱে আগ্ৰহী ।”
পূৰ্বৰ সংস্কৰণত ছেমি ফাইনেলত প্ৰৱেশ কৰা উইমেন ইন ব্লু দলটোক অষ্ট্ৰেলিয়া, নিউজীলেণ্ড, পাকিস্তান, আৰু শ্ৰীলংকাৰ সৈতে প্ৰতিযোগিতাখনৰ গ্ৰুপ এ-ত স্থান দিয়া হৈছে । ইফালে আজি অৰ্থাৎ ৪ অক্টোবৰত ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত নিউজীলেণ্ডৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব ভাৰতে ।
বিশ্বৰ ৩ নম্বৰ ৰেংকিঙত থকা ভাৰতে ৪ নম্বৰ ৰেংকিঙৰ নিউজীলেণ্ডৰ বিৰুদ্ধে খেলিব, যি দুয়োটা দলৰ নকআউট পৰ্যায়ত প্ৰৱেশৰ আশাৰ বাবে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব ।
ৱাৰ্ম আপ মেচৰ সময়ত ভাৰতীয় দলটো ভাল ফৰ্মত থকা দেখা গৈছিল, কাৰণ দলটোৱে ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আকৰ্ষণীয় জয় লাভ কৰাৰ বিপৰীতে নিউজীলেণ্ডে প্ৰটিয়াছৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিছিল যদিও ইংলেণ্ডৰ বিৰুদ্ধে পৰাজয় স্বীকাৰ কৰিছিল ।
দুয়োটা দলেই এক শক্তিশালী টপ-অৰ্ডাৰত অৱস্থান কৰিছে । লগতে ভাৰতৰ স্মৃতি মন্ধানা আৰু শ্বেফালী বাৰ্মাৰ দৰেই কিৱি দলত আছে চুজি বেটছ আৰু এমেলিয়া কেৰ ।
ভাৰতৰ বেটিং লাইন আপ যথেষ্ট শক্তিশালী আৰু দুয়োটা দলৰ হাতত কিছুমান ভাল বলিং বিকল্প আছে, । শীৰ্ষত কোনটো দল ওলাই আহিব সেয়া নিৰ্ণয় কৰাত স্পীনে মুখ্য ভূমিকা লোৱাৰ সম্ভাৱনা আছে ।