দক্ষিণ চুডানত এক ভয়ংকৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে।জানিব পৰা মতে বিমানখনত যাত্ৰী আৰু কৰ্মচাৰীসহ ২১জন লোক আছিল।বিমান দুৰ্ঘটনাত কমেও ১৮ জন লোকৰ মৃত্যু হৈছে।
ঘটনাটো সংঘটিত হোৱাৰ সময়ত বিমানখন ইউনিটি অইলফিল্ড বিমানবন্দৰৰ পৰা ৰাজধানী জুবালৈ উৰা মাৰি আছিল বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে বিমানখনত তেল ক্ষেত্ৰৰ কৰ্মীসকল আছিল যি সকল গ্ৰেটাৰ পাইওনিয়াৰ অপাৰেটিং কোম্পানীৰ (জিপিঅ’চি) সৈতে জড়িত আছিল।
কোম্পানীটোৱে চীন নেচনেল পেট্ৰ’লিয়াম কৰ্পোৰেচন আৰু নাইল পেট্ৰ’লিয়াম কৰ্পোৰেচনৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰে।
মৃতসকলৰ ভিতৰত দুজন চীনা নাগৰিক আৰু এজন ভাৰতীয় নাগৰিকও আছিল। অৱশ্যে দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।