থাইৰইডৰ ফলত মানুহে বহুতো গুৰুতৰ সমস্যাৰ সন্মুখীন হ’ব লাগে। যদি আপোনাৰ থাইৰইড আছে আৰু আপুনি দৈনিক ঔষধ গ্ৰহণ কৰে, কিন্তু তাৰ পাছতো আপুনি চুলি সৰা, শুকান ছাল, অত্যাধিক ওজন বৃদ্ধি/হ্ৰাস, কোষ্ঠকাঠিন্য, অনিয়মীয়া ঋতুস্ৰাৱ, মেজাজ সলনি, হতাশা, পেট ফুলা আদিৰ দৰে সমস্যাৰ বাবে অসুবিধাত পৰে, তেনেহ’লে আপোনাৰ আহাৰত এই সমূহ খাদ্য অন্তৰ্ভুক্ত কৰক। এই খাদ্য সমূহৰ পৰা আপুনি যথেষ্ট লাভান্বিত হ’ব।
এই সমূহ খাদ্য অন্তৰ্ভুক্ত কৰক আহাৰত:
সূৰ্যমুখী ফুলৰ বীজ:সূৰ্যমুখী ফুলৰ বীজ হৈছে এণ্টিঅক্সিডেণ্ট যেনে ভিটামিন ই, স্বাস্থ্যকৰ চৰ্বি, বি ভিটামিন, তাম আৰু অন্যান্য খনিজ পদাৰ্থৰ এক উৎকৃষ্ট উৎস। এইবোৰে থাইৰইড সমৰ্থন কৰে আৰু প্ৰদাহ হ্ৰাস কৰে। জলপান হিচাপে ইয়াক দৈনিক ১ চামুচকৈ খাব পাৰে।
আমলখি: আমলখিত সৰ্বাধিক পৰিমাণে ভিটামিন চি পোৱা যায়, যি চুলি, ছাল আৰু শক্তিৰ স্তৰ উন্নত কৰে। ইয়াক ফল, ৰস, কেণ্ডি আদি হিচাপে খাব পাৰি।
ঘি: ই ছাল আৰু চুলিৰ শুষ্কতা হ্ৰাস কৰে আৰু হৰমনৰ ভাৰসাম্যত সহায় কৰে। খাদ্যত প্ৰতিদিনে ব্যৱহাৰ কৰিব পাৰে ঘি।
নাৰিকল: থাইৰইড কাৰ্যৰ বাবে সৰ্বশ্ৰেষ্ঠ হৈছে নাৰিকল। ৰন্ধন তেল হিচাপে, ৰাতিপুৱাৰ আহাৰত ফল হিচাপে বা নাৰিকল পানী খাব পাৰে।
(এই প্ৰতিবেদনত দিয়া তথ্যসমূহ সংবাদ মাধ্যমৰ বাতৰিৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে । যিকোনো পৰামৰ্শ কাৰ্যকৰী কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)