বুধবাৰে (৩০ অক্টোবৰ) অসমৰ তেজপুৰৰ ৪ কৰ্পছৰ মুখ্য কাৰ্যালয়ত সেনা জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰে প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে । জোৱানসকলক সম্বোধন কৰি তেওঁ কয় যে চীনৰ সৈতে বিচ্ছিন্নতা হৈছে কাৰণ আপোনালোকৰ সাহসৰ কাহিনী সকলোৰে মাজলৈ গৈছে ।
ৰাজনাথ সিঙে কয় যে, মই নিজকে সৌভাগ্যৱান বুলি গণ্য কৰোঁ যে দীপাৱলীৰ প্ৰাকক্ষণত আপোনালোকৰ মাজত থকাৰ সুযোগ পাইছো । আজি টাৱাং যোৱাৰ কথা আছিল । তাত থকা সাহসী সৈনিকৰ সৈতে বিশেষ অনুষ্ঠানত টাৱাঙত থকাৰ কথা আছিল যদিও হয়তো ভগৱানে বিচাৰিছিল যে মই সাহসী সৈনিকৰ সৈতে তেজপুৰৰ অনুষ্ঠানত যোগ দিওঁ ।
আমি উন্নত সম্পৰ্ক বজাই ৰাখিব বিচাৰো- প্ৰতিৰক্ষা মন্ত্ৰী
ৰাজনাথ সিঙে কয় যে আমি উন্নত সম্পৰ্ক বজাই ৰাখিব বিচাৰো, এয়া ভাৰতৰ স্পষ্ট নীতি, কিন্তু কেতিয়াবা এনে পৰিস্থিতিৰ সৃষ্টি হয় যে আমি আমাৰ স্বাৰ্থ ৰক্ষা কৰিব লগা হয় । এই শান্তি ঘূৰাই অনাৰ বাবে চৰকাৰে যি কৰিব লাগে নিৰন্তৰ কৰি আছে বুলিও তেওঁ কয় । এই দুৰ্গম অঞ্চলত বাস কৰি আপোনালোকে যি ধৰণে ইয়াক সুৰক্ষিত কৰি আছে সেয়া অতি প্ৰেৰণাদায়ক ।
‘যুদ্ধত জয়ী হ’লে বিশ্বই লক্ষ্য কৰে’-
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, “যেতিয়াই আপোলোকৰ মাজলৈ আহোঁ তেতিয়াই নতুন শক্তি আৰু উৎসাহ বিচাৰি পাওঁ । আপোনালোকে নিজৰ পৰিয়ালৰ পৰা ইমান দূৰত থাকে, সেয়েহে নিজৰ ঘৰখনলৈ মনত পৰাটো স্বাভাৱিক । যেতিয়া আপুনি যুদ্ধ জিকে, পৃথিৱীয়ে লক্ষ্য কৰে । কিন্তু আপুনি প্ৰতিদিনে নিজৰ ভিতৰত যুদ্ধ কৰে আৰু জিকে, মই এয়া অনুভৱ কৰিব পাৰোঁ ।”
বেয়া বতৰৰ বাবে তেজপুৰত অৱতৰণ কৰিবলগীয়া হ’ল-
বুধবাৰে (৩০ অক্টোবৰ) কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ সৈতে দুদিনীয়া ভ্ৰমণসূচীৰে টাৱাংলৈ ৰাওনা হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ । তাত তেওঁ সেনা জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰাৰ কথা আছিল যদিও অৰুণাচল প্ৰদেশৰ টাৱাঙৰ বেয়া বতৰৰ বাবে ৰাজনাথ সিঙে চুবুৰীয়া ৰাজ্য অসমৰ তেজপুৰত অৱতৰণ কৰিবলগীয়া হয় ।