ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে বৰষুণ প্ৰভাৱিত ১৪ অভাৰৰ খেলখনত পাঁচ উইকেটৰ জয়ৰ কৃতিত্ব বলাৰসকলক দি পঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে কৈছে যে তেওঁলোকৰ বলাৰসকলে পৰিস্থিতিৰ লগত সামঞ্জস্যভাৱে খাপ খাই পৰিছিল।
খেলৰ অন্তত তেওঁ নেহাল ৱাধেৰাকো প্ৰশংসা কৰে।আৰচিবিক ৯ উইকেটৰ বিনিময়ত ৯৫ ৰানত সীমাবদ্ধ কৰাৰ পাছত পঞ্জাবে ৫টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়।
খেলৰ পিছৰ বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেয়াছ আয়েৰে কয় যে, “আমি সকলো ধৰণৰ পৰিস্থিতিৰ অভিজ্ঞতা লাভ কৰি আছো।এই মেচখনতো আমি আমাৰ কৌশলত আৱদ্ধ হৈ থাকিলো”৷
“আমি আমাৰ পৰিকল্পনা অনুসৰি গৈ আছিলো।মাৰ্কো (জান্সেন) বাউন্স লাভ কৰিবলৈ সক্ষম হয়। বাকী বলাৰসকলে তেওঁক সমৰ্থন কৰিছিল”।
তেওঁ কয়, ‘আমি এই পিটচৰ বিষয়ে নাজানিছিলো যে ইয়াৰ আচৰণ কেনেকুৱা হ’ব। আমাৰ বলাৰসকলে পৰিস্থিতিৰ লগত খাপ খাই পৰিল’।
লক্ষ্য খেদি খেদি অপৰাজিত ৩৩ ৰান সংগ্ৰহ কৰা নেহাল বাধেৰাক প্ৰশংসা কৰি তেওঁ কয়, “আজি নেহালে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছে। দলত তেওঁৰ দৰে বেটছমেন থকাটো ভাল।”
খেলখনৰ কথা ক’বলৈ গ’লে শুকুৰবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ বৰষুণৰ ফলত ১৪ অভাৰৰ মেচত বলাৰসকলৰ প্ৰদৰ্শনৰ ভিত্তিত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুক পঞ্জাব কিংছে ৫ উইকেটত পৰাস্ত কৰে ।