তিৰুপতিৰ বিষ্ণু নিৱাসমত এক শোকাৱহ ঘটনা সংঘটিত হৈছে। তিৰুপতিৰ বিষ্ণু নিৱাসমৰ ওচৰত পদপৃষ্ট হৈ চাৰিজন ভক্তৰ মৃত্যু হৈছে। বহুলোক আহতও হৈছে।
বৈকুণ্ঠ গেটত সৰ্ব দৰ্শন টোকেন বিতৰণৰ সময়ত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল।জানিব পৰা মতে বৈকুণ্ঠ দ্বাৰ দৰ্শনৰ বাবে গৰ্ভগৃহৰ চাৰিওফালে ভক্ত সকলে ভিৰ কৰিছিল ।
বিশ্বাস কৰা হয় যে দিনত যিকোনো ব্যক্তিয়ে এই ‘বৈকুণ্ঠ দ্বাৰম’ৰ মাজেৰে পাৰ হৈ যায় তেওঁ বৈকুণ্ঠ প্ৰাপ্ত কৰে।সকলো ভক্ত ই টোকেনৰ বাবে শাৰীত থিয় হৈ আছিল।সেই সময়ত প্ৰায় ৪০০০ মান লোক উপস্থিত আছিল।
তিৰুপতি মন্দিৰ পৰিচালনা কৰা তিৰুমালা তিৰুপতি দেৱস্থানমছে (টিটিডি) ঘোষণা কৰিছিল যে বৃহস্পতিবাৰে পুৱা ৫ বজাৰ পৰা তিৰুপতিৰ নটা স্থানত ৯৪ টা কাউণ্টাৰত বিশেষ দৰ্শন টিকট জাৰী কৰা হ’ব।
অৱশ্যে, বুধবাৰে ৰাতিপুৱাৰ পৰা বহু সংখ্যক ভক্ত সমবেত হ’বলৈ আৰম্ভ কৰে। যেতিয়া ভক্তসকলক কাউণ্টাৰলৈ যাবলৈ অনুমতি দিয়া হৈছিল তেতিয়া বিশৃংখলতা হৈছিল।
পদপৃষ্ট হৈ ৪ গৰাকী ভক্তৰ মৃত্যু হোৱাৰ লগতে বহু ভক্ত আহত হৈছে।ঘটনাটোত নিহত চাৰিজন ভক্তৰ ভিতৰত তিনিগৰাকী মহিলা আছিল। মৃতসকলৰ ভিতৰত এগৰাকী তামিলনাডুৰ বুলি জানিব পৰা গৈছে।
আঘাতপ্ৰাপ্তসকলক শ্ৰী ভেংকটেশ্বৰ ৰামনাৰায়ণ ৰুইয়া চৰকাৰী সাধাৰণ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।পিছত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।