সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে তৃতীয় টি-২০ত সুন্দৰ প্ৰদৰ্শন কৰিছে । দলটোৱে ৪ খনীয়া মেচৰ শৃংখলাৰ তৃতীয়খন টি-২০ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এক চমৎকাৰ বিজয় সাব্যস্ত কৰে কৰে আৰু ১১ ৰাণত জয়লাভ কৰে । খেলখন বুধবাৰে (১৩ নৱেম্বৰ) চেঞ্চুৰিয়নৰ চুপাৰস্পৰ্ট পাৰ্ক ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ।
টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰি ভাৰতীয় দলে প্ৰটিয়াছক ২২০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । তিলক বাৰ্মাই এটা বিস্ফোৰক শতক অৰ্জন কৰে । ইয়াৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাৰ দলটোৱে ৭ টা উইকেট হেৰুৱাই মাত্ৰ ২০৮ ৰাণত সীমাবদ্ধ থাকে । এই জয়ৰ লগে লগে ভাৰতীয় দলটোৱে শৃংখলাটোত ২-১ ৰ অগ্ৰগতি লাভ কৰিছে । চূড়ান্ত খেলখন শুকুৰবাৰে (১৫ নৱেম্বৰ) জোহান্সবাৰ্গত অনুষ্ঠিত হ’ব ।
জেনছেনৰ বিস্ফোৰক অৰ্ধ-শতক-
আফ্ৰিকাৰ হৈ মাৰ্কো জেনছেনে ১৭ টা বলত ৫৪ ৰাণৰ সৰ্বাধিক ইনিংছ খেলে । জেনছেনে মাত্ৰ ১৬ টা বলত দ্ৰুততম অৰ্ধশতক অৰ্জন কৰা দ্বিতীয়গৰাকী দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰত পৰিণত হয় । কুইন্টন ডি ককে ২০২৩ চনৰ মাৰ্চ মাহত চেঞ্চুৰিয়নত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে মাত্ৰ ১৫ টা বলত দক্ষিণ আফ্ৰিকাৰ হৈ দ্ৰুততম অৰ্ধশতক অৰ্জনৰ অভিলেখ গঢ়ি থৈছে । চলিত খেলখনত হেনৰিক ক্লাছেনে ২২ টা বলত ৪১ ৰাণ সংগ্ৰহ কৰে ।
ভাৰতীয় দলে শক্তিশালী বলিং প্ৰদৰ্শন কৰে । অৰ্শদীপ সিঙে ৩ টা আৰু বৰুণ চক্ৰৱৰ্তীয়ে ২ টা উইকেট দখল কৰে । ইফালে, হাৰ্দিক পাণ্ডিয়া আৰু অক্ষৰ পেটেলে প্ৰত্যেকেই ১টাকৈ সফলতা অৰ্জন কৰে । বৰুণে ৪ অভাৰত ৫৪ ৰাণ আৰু পাণ্ডিয়াই ৫০ ৰাণ খৰছ কৰে ।
শতক অৰ্জন কৰি ইতিহাসৰ সৃষ্টি কৰিলে তিলকে-
ভাৰতীয় দলটোৰ আৰম্ভণি অতি দুৰ্বল আছিল । খেলখনৰ দ্বিতীয় বলত দলটোৱে তেওঁলোকৰ প্ৰথম উইকেট হেৰুৱাইছিল । সঞ্জু চেমছনে কোনো ৰাণ সংগ্ৰহ নকৰাকৈ পেভিলিয়নমুখী হয় । তাৰ পিছত, অভিষেক শৰ্মা আৰু তিলক বাৰ্মাই দলটোক উদ্ধাৰ কৰিবলৈ ৫২ টা বলত ১০৭ ৰাণৰ শক্তিশালী অংশীদাৰীত্ব গঢ়ি তোলে ।
অভিষেকে ২৪ টা বলত অৰ্ধশতক অৰ্জন কৰে । তাৰ পিছত তেওঁ ৫০ ৰাণত উপনীত হোৱাৰ পিছত পৰৱৰ্তী বলটোত কেশৱ মহাৰাজৰ হাতত উইকেট বিসৰ্জন দিয়ে । ইয়াৰ পিছতে তিলকে আক্ৰমণাত্মকভাৱে খেলে আৰু তেওঁৰ আন্তৰ্জাতিক কেৰিয়াৰত প্ৰথমটো শতক অৰ্জন কৰে । তেওঁ মাত্ৰ ৫১ টা বলত এই শতক অৰ্জন কৰে । তিলক টি-২০ত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাবে অভিলেখ গঢ়িছে ।
২২ বছৰীয়া তিলকে ৫৬ টা বলত ১০৭ ৰাণৰ অপৰাজিত ইনিংছ খেলে । তেওঁৰ ইনিংছত, তেওঁ ৭ টা ছয় আৰু 8 টা চাৰি কোবাই । প্ৰথমখন মেচ খেলা নৱাগত ৰমনদীপ সিঙে ৬ টা বলত ১৫ ৰাণ সংগ্ৰহ কৰে আৰু ৰাণ আউট হয় । ফলস্বৰূপে, ভাৰতীয় দলটোৱে ৬ টা উইকেটত ২১৯ ৰাণ সংগ্ৰহ কৰে । দক্ষিণ আফ্ৰিকাৰ হৈ কেশৱ মহাৰাজ আৰু এণ্ডিল চিমেলেনে ২টাকৈ উইকেট দখল কৰে ।