দুবাৰৰ অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰাই শনিবাৰে এক বৃহৎ ঘোষণা কৰিছে । কেৰিয়াৰৰ এক ৰোমাঞ্চকৰ নতুন অধ্যায়ৰ আৰম্ভণিৰ কথা ঘোষণা কৰিছে নীৰজে । শনিবাৰে নীৰজে মহান জেভেলিন থ্ৰ’ৱাৰ ইয়ান জেলেজনীক নতুন প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে । তিনিবাৰৰ অলিম্পিক আৰু বিশ্ব চেম্পিয়ন তথা বৰ্তমানৰ বিশ্ব অভিলেখধাৰী জেলেজনি দীৰ্ঘদিন ধৰি চোপ্ৰাৰ আদৰ্শ হৈ আহিছে ।
নতুন প্ৰশিক্ষকৰ কথা ঘোষণা কৰি নীৰজে কয়, “সৰুৰে পৰা মই তেওঁৰ ভিডিঅ’ চোৱাত যথেষ্ট সময় অতিবাহিত কৰিছিলো আৰু মই তেওঁৰ কৌশল আৰু সঠিকতাক প্ৰশংসা কৰি আহিছোঁ । তেওঁ ইমান বছৰ ধৰি তেওঁৰ খেলত সৰ্বশ্ৰেষ্ঠ আছিল আৰু মই বিশ্বাস কৰোঁ যে তেওঁৰ সৈতে কাম কৰাটো ভাল হ’ব কিয়নো আমাৰ জেভলিন থ্ৰ’ কৰাৰ শৈলী একেধৰণৰ আৰু তেওঁৰ যথেষ্ট জ্ঞান আছে । তেওঁৰ সৈতে কাম কৰিবলৈ পোৱাটো এক সন্মানৰ বিষয় কিয়নো মই কৰিয়াৰৰ পৰৱৰ্তী স্তৰলৈ আগবাঢ়িছোঁ ।”
জেলেজনিৰ তত্বাৱধানত নীৰজে নিজৰ সফলতাক এক বেলেগ স্তৰলৈ লৈ যোৱাৰ চেষ্টা কৰিব বুলি উল্লেখ কৰিছে । জেলেজনীয়ে কয়, ‘মই বহু বছৰৰ আগতে নীৰজৰ কথা কৈছিলোঁ আৰু তেওঁক এজন মহান প্ৰতিভা বুলি কৈছিলোঁ । কেৰিয়াৰৰ আৰম্ভণিতে তেওঁক দেখি মই অনুভৱ কৰিলোঁ যে তেওঁ বহু দূৰলৈ যাব । মই এইটোও কৈছিলো যে যদি মই চেকিয়াৰ বাহিৰৰ কোনোবা এজনক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰোঁ তেন্তে মোৰ প্ৰথম পছন্দ হ’ব নীৰজ ।“
জেলেজনিয়ে কয় ‘বহু খেলুৱৈয়ে মোৰ ওচৰলৈ প্ৰশিক্ষকৰ বাবে যোগাযোগ কৰিছে । গতিকে এই দায়িত্ব লোৱাটো মোৰ বাবে এক বৃহৎ সন্মান । আমি ইজনে সিজনক ঘনিষ্ঠভাৱে চিনি পাইছো আৰু দক্ষিণ আফ্ৰিকাৰ পৰম্পৰাগত শীতকালীন শিবিৰত ব্যক্তিগতভাৱে আৰম্ভ কৰিম । তেওঁৰ অগ্ৰগতিৰ ওপৰত মই বিশ্বাস কৰোঁ । বিশেষকৈ তেওঁৰ কাৰিকৰী দিশত যথেষ্ট আত্মবিশ্বাস আছে । মূল চেম্পিয়নশ্বিপত তেওঁ শীৰ্ষস্থান দখল কৰি যাব পাৰে বুলি কামনা কৰিলোঁ ।‘
১৯৯২, ১৯৯৬ আৰু ২০০০ চনৰ অলিম্পিক গেমছত স্বৰ্ণ পদক বিজয়ী জেলেজনিয়ে সৰ্বকালৰ শীৰ্ষ দহটা শ্ৰেষ্ঠ থ্ৰ’ৰ ভিতৰত পাঁচটা থ্ৰ’ লাভ কৰিছে । ১৯৯৬ চনত তেওঁ জাৰ্মানীত ৯৮.৪৮ মিটাৰ থ্ৰ’ কৰি বিশ্ব অভিলেখ গঢ়িছিল । তেওঁ চাৰিবাৰকৈ বিশ্ব অভিলেখ ভংগ কৰিছিল । ইয়াৰ পূৰ্বে জেলেজনিয়ে জাকুব ভাডলেচ আৰু ভিটেজস্লাভ ভেচেলিৰ প্ৰশিক্ষক হিচাপেও কাম কৰিছিল । ইয়াৰ উপৰিও তেওঁ দুবাৰৰ অলিম্পিক চেম্পিয়ন আৰু তিনিবাৰৰ বিশ্ব চেম্পিয়ন বাৰ্বৰা স্পাটোকোভাক প্ৰশিক্ষণ প্ৰদান কৰিছে ।