ঘূৰ্ণী বতাহ ডানাৰ বিধ্বংসী ৰূপ। প্ৰতিঘণ্টাত ১৩০ কি:মি: বেগত এফালৰ পৰা ধ্বংসলীলা আৰম্ভ কৰিছে ডানাই। আগন্তুক ২ঘন্টাত অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব ডানাই। দেশৰ ৬ খনকৈ ৰাজ্যত বিস্তৰ ক্ষতি সাধন ডানাৰ। পশ্চিমবংগ, ওড়িশা আৰু ছত্তীশগড়ৰ মাজেৰে যোৱা ৩০০ৰো অধিক ৰে’ল বাতিল কৰা হৈছে। ওড়িশাৰ প্ৰায় ১২খন জিলাত অব্যাহত আছে হাই এলাৰ্ট। অহা দুদিন মাছমৰীয়াসকলক সাগৰত নাযাবলৈ পৰামৰ্শ দিয়া হৈছে। পুৱা ৯ বজালৈ বন্ধ থাকিব কলকাতা বিমানবন্দৰ। ইয়াৰ পৰা ২৮১খন ঘৰুৱা বিমান বাতিল কৰা হৈছে। ইয়াৰ উপৰিও ২৯খন আন্তঃৰাষ্ট্ৰীয় বিমান বাতিল কৰা হৈছে। ধুমুহা ডানাৰ ফলত ওড়িশা, পশ্চিম বংগ আৰু অন্ধ্ৰ প্ৰদেশত বিপুল ক্ষতি হোৱাৰ সম্ভাৱনা আছে। ওড়িশাৰ ১০ লাখ আৰু পশ্চিম বংগৰ ৩.৫ লাখৰো অধিক লোকক সাহায্য শিবিৰলৈ স্থানান্তৰ কৰা হৈছে। ডানাৰ সৰ্বাধিক প্ৰভাৱ পৰিছে উৰিষ্যাত। উৰিষ্যাৰ হাই এলাৰ্ট। উৰিষ্যাত ১৬খন জিলাত অধিক ক্ষতি হোৱাৰ আশংকা । ডানাৰ বাবে ইতিমধ্যে বন্ধ কৰা হৈছে বিদ্যালয়। পশ্চিমবংগৰ উপকূলীয় অঞ্চলতো ব্যাপক প্ৰভাৱ পৰিব ডানাৰ । ৫লাখৰো অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তকৰণ প্ৰশাসনৰ।

অসম তথা উত্তৰ-পূৱলৈ এলাৰ্ট জাৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ।ধাৰাষাৰ বৃষ্টিপাতৰ লগতে প্ৰচণ্ড বেগেৰে বলিব পাৰে ধুমুহা ।অসমৰ ৯ জিলাত বতৰে ধাৰণ কৰিব কাল ৰূপ। জাৰি কৰা হৈছে ইয়েল্ল’ এলাৰ্ট। কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, বাক্সা, বৰপেটা, হাইলাকান্দি, কাছাৰ, কৰিমগঞ্জ, চৰাইদেউত জাৰি কৰা হৈছে ইয়েল্ল’ এলাৰ্ট।