ৰাজ্যত এতিয়াৰে পৰা নাথাকিব কোনো একচনীয়া ভূমি। বিদ্যালয়, মহাবিদ্যালয়, মন্দিৰ আদিৰ মাটিও ম্যাদী হ’ব। একচনীয়া ভূমিৰ অৱসান ঘটাই প্ৰতিগৰাকী মাটিৰ গৰাকীয়ে লাভ কৰিব ম্যাদী পট্টা। ১৯ অক্টোবৰৰ পৰা ৰাজ্যত আৰম্ভ হ’ব বসুন্ধৰা ৩.০। এই ৩.০ত অনা হৈছে বহু কেইটা নীতি-নিয়ম। অতি সহজতে আপোনাৰ মাটি এতিয়াৰে পৰা নামজাৰি কৰিব পাৰিব। কেৱল নামজাৰিয়ে নহয় বাটোৱাৰা, ম্যাদীকৰণ অতি সহজতে কৰিব পাৰিব এই ৩.০ত। কেৱল ইমানেই নহয় বসুন্ধৰা ২.০ত যিসকল লোকৰ আবেদন নাকচ হৈছিল তেঁওলোকেও এইবাৰ ৩.০ত কৰিবূ পাৰিব আবেদন। ইয়াৰ বাবে সাজু কৰক নথি-পত্ৰ। আধাৰ কাৰ্ড, ৰেচন, খাজানা দিয়াৰ ৰছিদ এই সকলো নথি-পত্ৰ সাজু কৰি ৰাখক। পূৰ্বে গ্ৰাম্য হিচাপে স্বীকৃত বৰ্তমানৰ নগৰীয়া ভূমিত দখলিকৃত ভাড়াতীয়াক প্ৰদান কৰা হব মালিকীস্বত্ব। ৰাজ্য চৰকাৰৰ কেবিনেটৰ দুৰ্গা পূজাৰ প্ৰাকক্ষণত ডাঙৰ সিদ্ধান্ত।
Post Views: 20