মল্লযোদ্ধা বজৰং পুনিয়াক চাৰি বছৰৰ বাবে নিষিদ্ধ কৰা হৈছে । তেওঁ প্ৰস্ৰাৱৰ নমুনা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ পিছতেই এই সিদ্ধান্ত লোৱা হৈছে । ৰাষ্ট্ৰীয় এণ্টি-ড’পিং এজেন্সিয়ে (NADA) ড’পিং বিৰোধী অনুশাসন পেনেলে তেওঁক ইয়াৰ নিয়ম ২.৩ উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰাৰ পিছত নিষেধাজ্ঞা আৰোপ কৰে ।
টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী ভাৰতীয় মল্লযোদ্ধা বজৰং পুনিয়াক ৰাষ্ট্ৰীয় ড’পিং প্ৰতিৰোধী সংস্থাই ১০ মাৰ্চত ৰাষ্ট্ৰীয় দল নিৰ্বাচনৰ পৰীক্ষণৰ সময়ত ড’পিং পৰীক্ষাৰ বাবে নমুনা দাখিল কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে চাৰি বছৰৰ বাবে নিলম্বিত কৰিছিল । সংস্থাই প্ৰথমতে ২৩ এপ্ৰিলত বজৰং পুনিয়াক একেটা অপৰাধৰ বাবে নিলম্বন কৰাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছিল, যাৰ পিছত তেওঁক বিশ্ব পৰিচালনা সমিতি, ইউ ডব্লিউ ডব্লিউ-য়ে নিলম্বন কৰিছিল । এই নিলম্বনৰ অৰ্থ হৈছে তেওঁক প্ৰতিযোগিতামূলক মল্লযুদ্ধত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া নহ’ব বা যদি তেওঁ এনে কৰিব বিচাৰে তেন্তে বিদেশত প্ৰশিক্ষণৰ সুযোগ বিচাৰিব নোৱাৰিব ।
বজৰঙে নিলম্বনৰ বিৰোধিতা কৰিছিল-
আৰম্ভণিতে, বজৰঙে নিলম্বনৰ বিৰোধিতা কৰিছিল, যাৰ পিছত ৩১ মে’ত, NADAৰ এণ্টি-ড’পিং ডিচিপ্লিনেৰী পেনেলে অভিযোগৰ আনুষ্ঠানিক অধিসূচনা জাৰী নোহোৱালৈকে অস্থায়ীভাৱে নিলম্বন প্ৰত্যাহাৰ কৰে । অৱশ্যে, ২৩ জুনত, NADAয়ে আনুষ্ঠানিকভাৱে তেওঁক অভিযোগবোৰৰ বিষয়ে অৱগত কৰিছিল । কিন্তু পুনিয়াই ১১ জুলাইত অভিযোগসমূহক প্ৰত্যাহ্বান জনাইছিল, ২০ ছেপ্টেম্বৰ আৰু ৪ অক্টোবৰত শুনানি অনুষ্ঠিত হৈছিল ।
বজৰং পুনিয়াৰ ৰাজনীতিত প্ৰৱেশ-
মল্লযোদ্ধা বজৰং পুনিয়াই অক্টোবৰ মাহত কিষাণ কংগ্ৰেছৰ কাৰ্যবাহী সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল । ইয়াৰ পূৰ্বে তেওঁ মল্লযুঁজাৰু বিনেশ ফ’গাটৰ সৈতে ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰৱেশ কৰি কংগ্ৰেছৰ সৈতে হাত মিলাইছিল ।