আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিপাব্লিকান ড’নাল্ড ট্ৰাম্প আৰু ডেম’ক্ৰেট কমলা হেৰিছৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হৈছে । আমেৰিকাত সংখ্যাগৰিষ্ঠতাৰ বাবে ২৭০খন আসনৰ প্ৰয়োজন । শেহতীয়া তথ্য অনুসৰি ট্ৰাম্পে ২৪৭খন আসন আৰু হেৰিছে ২১৪খন আসন লাভ কৰিছে । তুমুল প্ৰতিদ্বন্দ্বিতাৰ মাজতে এতিয়া ৭খন ছুইং ষ্টেটৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে, যিবোৰে নতুন ৰাষ্ট্ৰপতিৰ সিদ্ধান্ত ল’ব । এই ৰাজ্যসমূহ হ’ল এৰিজোনা, জৰ্জিয়া, মিচিগান, নেভাদা, নৰ্থ কেৰ’লিনা, পেনচিলভেনিয়া আৰু উইচকনচিন । এতিয়ালৈকে এই ৰাজ্যসমূহত ড’নাল্ড ট্ৰাম্পে যথেষ্ঠ প্ৰভাৱ পেলাইছে । জৰ্জিয়া আৰু নৰ্থ কেৰ’লিনাত জয়লাভ কৰি নেভাদাত আগবাঢ়ি আছে ট্ৰাম্প ।
উত্তৰ কেৰ’লিনা আৰু জৰ্জিয়াত জয়লাভ কৰিছে ড’নাল্ড ট্ৰাম্পে । একে সময়তে পেনচিলভেনিয়াত কমলা হেৰিছতকৈ ড’নাল্ড ট্ৰাম্পে অগ্ৰগতি লাভ কৰিছে, যিখন ৰাজ্য অতি গুৰুত্বপূৰ্ণ কাৰণ ইয়াত ১৯টা ইলেক্টৰেল কলেজৰ ভোট আছে । দ্য নিউয়ৰ্ক টাইমছৰ মতে, ড’নাল্ড ট্ৰাম্পে ছুইং ষ্টেটত তিনি শতাংশ অগ্ৰগতি বজাই ৰাখিছে । প্ৰায় চাৰি ঘণ্টাৰ গণনাৰ অন্তত ছখন ছুইং ষ্টেটত আগবাঢ়ি আছে ট্ৰাম্প । কেৰ’লিনা আৰু জৰ্জিয়াৰ বাহিৰেও এৰিজোনা, মিচিগান, পেনচিলভেনিয়া, উইচকনচিনত আগবাঢ়ি আছে ট্ৰাম্প ।
ছুইং ষ্টেট কিয় গুৰুত্বপূৰ্ণ ?
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ৰ চাবি ছুইং ষ্টেটসমূহৰ হাতত আছে বুলি বিশ্বাস কৰা হয় । এই ৰাজ্যসমূহত ডেম’ক্ৰেট আৰু ৰিপাব্লিকান উভয়ৰে সমৰ্থন সমান । ছুইং ষ্টেটৰ গুৰুত্ব তেওঁলোকৰ ইলেক্টৰেল ভোটৰ পৰা বুজিব পাৰি । পেনচিলভেনিয়াৰ ১৯টা ইলেক্টৰেল কলেজৰ ভোট আছে । মিচিগানত ১০টা, জৰ্জিয়াত ১৬টা, উইচকনচিনত ১০টা, নৰ্থ কেৰ’লিনাত ১৬টা, নেভাদাত ৬টা আৰু এৰিজোনাৰ ১১টা ইলেক্টৰেল ভোট আছে । প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি দুয়োজনেই ইলেক্টৰেল কলেজৰ ২৭০টা ভোটৰ যাদুকৰী সংখ্যা স্পৰ্শ কৰিব বিচাৰিছে । এইটো স্পষ্ট যে ছুইং ষ্টেটত উন্নত প্ৰদৰ্শন অবিহনে হোৱাইট হাউছৰ পথ লাভ কৰিব নোৱাৰি । যদিহে ড’নাল্ড ট্ৰাম্পে এতিয়ালৈকে ছুইং ষ্টেটত যি সমৰ্থন দেখুৱাইছে সেয়া অব্যাহত থাকে, তেন্তে তেওঁৰ ৰাষ্ট্ৰপতি হোৱাৰ পথ আকৌ এবাৰ মুকলি হ’ব পাৰে ।