আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ৰিপাব্লিকান ড’নাল্ড ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকালত ভাৰতীয় টকা আমেৰিকান ডলাৰৰ বিপৰীতে ৮-১০ শতাংশ দুৰ্বল হ’ব পাৰে । এই অনুমান এছ বি আই (ভাৰতীয় ষ্টেট বেংক)ৰ এক গৱেষণা প্ৰতিবেদনত কৰা হৈছে । উল্লেখযোগ্য যে সোমবাৰে ডলাৰৰ বিপৰীতে টকাৰ মূল্য সৰ্বকালৰ সৰ্বনিম্ন স্তৰলৈ নামি আহিছিল ।
এই এছ বি আইৰ এই প্ৰতিবেদনৰ শিৰোনাম হৈছে ‘আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন ২০২৪ : ট্ৰাম্প ২.০ য়ে ভাৰত আৰু বিশ্ব অৰ্থনীতিত কেনে প্ৰভাৱ পেলাব’ । কোৱা হৈছে যে আমেৰিকান ডলাৰৰ বিপৰীতে কিছু সময়ৰ বাবে টকা হ্ৰাস পাব পাৰে, তাৰ পিছত স্থানীয় মুদ্ৰা শক্তিশালী হ’ব ।
এছ বি আইৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে ড’নাল্ড ট্ৰাম্পৰ ঐতিহাসিক প্ৰত্যাৱৰ্তনে বজাৰ আৰু নিৰ্বাচিত সম্পত্তিৰ শ্ৰেণীত জীৱন দিছে যদিও ভাৰতৰ বাবে প্ৰত্যাহ্বান আৰু সুযোগ দুয়োটা আছে ।
শুল্ক বৃদ্ধিৰ সম্ভাৱনা, এইচ-১বি ভিছাৰ নিষেধাজ্ঞা আৰু শক্তিশালী ডলাৰে হ্ৰস্বম্যাদীভাৱে অস্থিৰতা আনিব পাৰে । এনে পৰিস্থিতিত ভাৰতৰ বাবে উৎপাদন সম্প্ৰসাৰণ, ৰপ্তানি বজাৰৰ বৈচিত্ৰ্যতা আৰু অৰ্থনৈতিক স্বাৱলম্বীতা বৃদ্ধিৰ সুযোগ আছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।