বুধবাৰে (৬ নৱেম্বৰ) আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ বাবে ড’নাল্ড ট্ৰাম্পক টুইটযোগে অভিনন্দন জনায় পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে । কিন্তু ট্ৰাম্পক অভিনন্দন জনোৱাৰ পিছতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ ছ’চিয়েল মিডিয়াত হাঁহিয়াতৰ পাত্ৰ হৈ পৰিছে । প্ৰকৃততে পাকিস্তানত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (পূৰ্বৰ টুইটাৰ) নিষিদ্ধ আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে ভি পি এন (ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক)ৰ জৰিয়তে এই প্লেটফৰ্ম ব্যৱহাৰ কৰি ট্ৰাম্পক অভিনন্দন জনাইছিল । ইয়াৰ পিছত পাকিস্তানৰ জনসাধাৰণে ছ’চিয়েল মিডিয়াত ইয়াক তীব্ৰ সমালোচনা কৰি বিষয়টোক লৈ কৌতুক কৰা পৰিলক্ষিত হৈছে ।
ট্ৰাম্পক জন্মদিনৰ শুভেচ্ছা জনালে শ্বাহবাজ শ্বৰীফে-
৬ নৱেম্বৰত (বুধবাৰে) ডেম’ক্ৰেট কমলা হেৰিছক পৰাস্ত কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিপাব্লিকান ড’নাল্ড ট্ৰাম্পে এক ঐতিহাসিক জয়লাভ কৰে । ইয়াৰ পিছতে তেওঁক অভিনন্দন জনাই পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, “আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত দ্বিতীয়বাৰৰ বাবে ঐতিহাসিক বিজয়ৰ বাবে ড’নাল্ড ট্ৰাম্পক বহু অভিনন্দন । পাকিস্তান আৰু আমেৰিকাৰ মাজৰ অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে ভৱিষ্যত প্ৰশাসনৰ সৈতে একেলগে কাম কৰিবলৈ মই আগ্ৰহী ।”
শ্বাহবাজ শ্বৰীফে কিয় ভি পি এন ব্যৱহাৰ কৰিছিল ?
দৰাচলতে শ্বাহবাজ শ্বৰীফৰ চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উদ্ধৃতি দি পাকিস্তানত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স নিষিদ্ধ কৰিছিল । ইয়াৰ আঁৰৰ কাৰণ বুজাই দিছিল তথ্য মন্ত্ৰী আতাউল্লাহ তাৰাৰে । তেওঁ কৈছিল, “বেলুচিস্তান লিবাৰেচন আৰ্মীয়ে (বি এল এ) এই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰি দেশখনত ৰাষ্ট্ৰীয় বিৰোধী কাৰ্যকলাপ চলাইছিল ।”
পাকিস্তানৰ জনসাধাৰণে শ্বাহবাজ শ্বৰীফক ঠাট্টা কৰিছিল-
ভি পি এন ব্যৱহাৰ কৰি ড’নাল্ড ট্ৰাম্পক অভিনন্দন জনোৱাৰ বাবে পাকিস্তানৰ জনসাধাৰণে প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফক উপহাস কৰে । লগতে ছচিয়েল মিডিয়াত বহু ধৰণৰ মন্তব্য কৰিছে বহু লোকে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘পাকিস্তানৰ ইতিহাসৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত আৰু একনায়কত্ববাদীয়ে ড’নাল্ড ট্ৰাম্পক অভিনন্দন জনাইছে ।’ আনহাতে আন এজন ব্যৱহাৰকাৰীয়ে এলন মাস্কক টেগ কৰি লিখিছে, ‘মিষ্টাৰ ট্ৰাম্প, এই ক্লাউনে আপোনাক অভিনন্দন জনোৱাৰ বাবে ভি পি এন ব্যৱহাৰ কৰিছে । পাকিস্তানত এলন মাস্কৰ প্লেফৰ্ম নিষিদ্ধ ।‘